• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ অভিনয় অসমৰ ৰাইজে বুজিছে, সোণোৱাল আঠুলোৱা মুখ্যমন্ত্ৰী : ৰিপুন বৰা

অসমৰ বানপানীক লৈ চৰকাৰৰ গুৰুত্বহীনতাৰ অভিযোগ ৰিপুন বৰাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 22, 2020 4:40 pm
IMG_20200722_153737
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বানপানীক লৈ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব দিয়া নাই৷ নিৰ্বাচনী ইস্তাহাৰত যিসমূহ বানপানীৰ কথা কৈছিল তাক এটাও গুৰুত্ব দিয়া নাই অথবা ৰূপায়ন কৰা নাই৷ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিঙিত গামোছা লৈ অসমক ভালপাওঁ বুলি ক’লেই নহ’ব বুলি কৈ মোডীৰ এনে অভিনয় অসমৰ ৰাইজে বুজি পাই গৈছে বুলি সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল আঁঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা দিয়ে ৰিপুন বৰাই৷

Apply Now

বৰাই কয়,  “১৪ চনত ৭০ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছিল আৰু ৭০ জন মানুহ মৃত্যু মুখত পৰিছিল৷ ৯৩৭০ কোটি টকা বিছাৰিছিল কিন্তু মোডী চৰকাৰে এক টকাও অসমক নিদিলে৷২০১৫ চনৰ বানপানীত অসম চৰকাৰে কেন্দ্ৰৰ পৰা ২১০০ কোটি টকা বিচাৰিছিল৷ কিন্তু একটকাও নিদিলে কেন্দ্ৰই৷ কি দায়িত্ব আছে অসমৰ প্ৰতি তেওঁলোকৰ।”

বিজেপিক প্ৰত্যাহ্বান জনায় বৰাই কয়, “২০১৬ চনত বানপানীত সণোৱাল ডাঙৰীয়াই বিচাৰিলে ৫০৩৮ কোটি টকা৷ মোডী  সেইবাৰো এটকাও নিদিলে৷ ২০১৭ চনৰ ভয়ংকৰ বানপানী কেন্দ্ৰীয় গোট এটাৰ লগতে মোডীও আহিছিল অসমত বানপানী চাবলৈ৷ কেন্দ্ৰীয় টীমটোৱে ৪ হাজাৰ কোটি টকা ক্ষয় ক্ষতি হোৱা বুলি কৈছে৷ কিন্তু অসম প্ৰেমী মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ পৰা কোনো ধৰণৰ টকা নিবিচাৰিলে।”

আনহাতে ১ আগষ্ট ২০১৭ত বানপানী চাবলৈ আহি প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্ধিয়া অসমৰ কেবিনেটৰ লগত যি বৈঠক কৰি  ঘোষণা কৰিছিল গোটেই উত্তৰ পূবৰ বাবে ২৩৫০ কোটি তেঁও দিব কিন্তু তাৰ এটকাও নিদিয়া বুলি উল্লেখ কৰি বৰাই কয় “অসমৰ কাৰণে ২৫০ কোটি তৎকালীন ভাবে দিম বুলি কৈছিল৷ গৰাখহনীয়াৰ বাবে ৪০০ কোটি ঘোষণা কৰিলে৷ ব্ৰহ্মপুত্ৰ ৰোধ কৰাৰ বাবে অধ্যয়ন কৰিবলৈ ১ হাজাৰ কোটিও ঘোষণা কৰিছিল৷ কিন্তু তেওঁ এটকাও নিদিলে।”

মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালক আঁঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা দি বৰাই কয় “তেখেতৰ সাহস নাই কিয় ? জাতীয় নায়ক উপাধি ল’লেই নহ’ব৷ জাতীয় নায়কৰ ইমান ভয় কিয় ? মোডী চৰকাৰৰ ওচৰত টেবুল ঢকিয়াই কিয় আনিব নোৱাৰিলে টকা৷ আপুনি ঘোষণা কৰি যোৱা টকা এয়া প্ৰাপ্য, অসমৰ ভিক্ষা নহয়৷ এয়াই অসমৰ প্ৰতি বিজেপি চৰকাৰৰ দৰদ এয়া দায়িত্ব।”

২০১৪ চনৰ পৰা ১৮ চনলৈ কেন্দ্ৰীয় চৰকাৰে ফ্লাড মেনেজমেন্টৰ জৰিয়তে এক টকাও দিয়া নাই বুলি অসমৰ দুৰ্যোগ প্ৰশমন বিভাগে আৰটি আইৰ ৰিপ্লাই কৰিছে বুলি উল্লেখ কৰি বৰাই কয়, “এছডিআৰএফ যোগে ২০১৪-১৫ বৰ্ষত ২৮৮ কোটি, ২০১৫- ৬ বৰ্ষত ৪১৪ কোটি, ২০১৬- ১৭ বৰ্ষত ৪৩০ কোটি ২০১৭- ১৮ বৰ্ষত ৪৫৬ কোটি আৰু ২০১৮ ৰ পৰা ২০২০ বৰ্ষলৈ এক টকাও পোৱা এছডিআৰএফ শিতান যোগে৷ এনডিআৰএফৰ যোগেদি মাত্ৰ ২০৮ কোটি টকা পাইছে এই চলিত বৰ্ষত।”

বিত্তীয় আয়োগ অনুসৰি যিমান টকা দিব লাগে সেই টকাও কৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে বুলি উল্লেখ কৰি বৰাই কয়, ” ১০১ খন আঁচনি নিৰূপন কৰা হৈছে বানপানীত ক্ষয় ক্ষতি ৰোধৰ বাবে৷ কিন্তু তাৰ মাত্ৰ দুখন আঁচনিৰহে কাম আৰম্ভ কৰিব পাৰিছে।”

ইফালে এওঁ লোকৰ দক্ষতা ক’ত বুলি প্ৰশ্ন কৰি বৰাই কয় “অসমৰ বানপানীৰ কাৰণে ৪২ টা আচনি নাবাৰ্ডৰ দ্বাৰা নিৰূপন কৰা হৈছে৷ ইমান নিকাম্মা চৰকাৰ ১৮ খন আঁচনিৰ বাবে টেণ্ডাৰে ল’ব নোৱাৰিলে৷ যি কেইটাৰ টেণ্ডাৰ ল’ব পাৰিলে সেই কেইটাও আৰম্ভ কৰিব পৰা নাই।”

মাৰ্চ মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্ৰীয়ে ৩০ এপ্ৰিলৰ ভিতৰত মথাউৰিসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল বুলি উল্লেখ কৰি বৰাই কয় “৪৫০ টা মথাউৰি ৩০ এপ্ৰিলৰ ভিতৰত নিৰ্মাণ হ’ব লাগে বুলি মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশ তাতেই শেষ হ’ল৷ কামও নহ’ল ৷ লকডাউনে মথাউৰিৰ কাম বন্ধ কৰা নাছিল৷”

প্ৰধান মন্ত্ৰী টুইট কৰি দিলেই বা ফোন যোগে মুখ্যমন্ত্ৰীক খবৰৰ ল’লেই বানপানী সমস্যা সমাধান নহয় বুলি উল্লেখ কৰি বৰাই কয় “পৰ্যাপ্ত সাহায্য পোৱা নাই বানাক্ৰান্ত সকলে৷ পশু খাদ্য নাই৷ চিকিৎসক নাই সাহায্য শিবিৰবোৰত৷ খোৱা পানীৰ ব্যৱস্থা নাই।”

ইপিনে বান পানীতো তেওঁলোকৰ চমক সৃষ্টি বুলি কৈ বানপানীত চমক সৃষ্টি নকৰিবলৈ অনুৰোধ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

October 27, 2026 8:08 pm
অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd