• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিযুক্তিৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ২৪ মে’ত ডি ৱাই এফ আই – এছ এফ আইৰ অৱস্থান ধৰ্মঘট

অ'ভাৰলেপিংৰ সমস্যা সমাধান কৰিবলৈ আইন অনুসৰি অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ পৰৱৰ্তী তালিকা প্ৰকাশৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2023 6:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫১ হাজাৰ নহয়, মাত্ৰ ২০/২৫ হাজাৰ যুৱক-যুৱতীয়েহে নিযুক্তি পত্ৰ পাব ২৫ মে’ৰ নিযুক্তি মেলাত। এয়া অসমৰ ১৮ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ প্ৰতি চৰম প্ৰবঞ্চনা বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অভিহিত কৰিছে। নিযুক্তিৰ ক্ষেত্ৰত যে চৰকাৰখনৰ মনোভাৱ বেপৰোৱা সেয়া যোৱা ১ মে’ত প্ৰদান কৰা এক ভাষণতেই প্ৰকাশ পাইছিল। তেওঁ “এনেই নিৰ্বাচনৰ ভাষণত ১ লাখ চাকৰি দিম” বুলি কৈছিল।

আজি ১ লাখ চাকৰি প্ৰদানৰ বিষয়ত চৰকাৰে কেৱলন সংখ্যাৰ খেল খেলিছে আৰু সস্তীয়া নিৰ্বাচনী লাভৰ বাবে লক্ষ লক্ষ যুৱক-যুৱতীক  স্বজন-তোষণ আৰু বঞ্চনা কৰি অন্ধকাৰ ভবিষ্যতৰ মাজলৈ ঠেলি দিছে, সেয়া স্পষ্ট। বহু কেইটা বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া সমান্তৰালকৈ চলাৰ পৰিপ্ৰেক্ষিতত অ’ভাৰলেপিঙৰ সমস্যা সৃষ্টি সম্ভাৱনা প্ৰকট হৈ উঠিছিল। এনে সমস্যা হোৱাৰ পিছতো সমাধানৰ প্ৰস্তাৱ দি থকা হৈছে কিন্তু চৰকাৰে এতিয়ালৈ  কোনো পদক্ষেপ নল’লে। ডি ৱাই এফ আই আৰু এছ এফ আইয়ে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক প্ৰতিনিধিত্ব কৰিয়ে চৰকাৰৰ ওচৰৰ বাৰাংবাৰ Assam Direct Recruitment for Class III and Class IV Analogous Posts Rules, 2022 ৰ ১২ নম্বৰ ধাৰাৰ ৩ নম্বৰ অনুচ্ছেদ অনুসৰি পৰৱৰ্তী তালিকা প্ৰকাশ কৰিব বুলি ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছিল। কিন্তু এই ক্ষেত্ৰত এতিয়ালৈ চৰকাৰে প্ৰতিশ্ৰুতি দিয়া নাই যে অৱতীৰ্ণ প্ৰাৰ্থী সকলৰ পৰাই পৰৱৰ্তী তালিকা প্ৰকাশ কৰিব। এই ক্ষেত্ৰত কোনো আইনী বাধাও নাই কাৰণ উক্ত ADR Rules ৰ ১৯ নম্বৰ ধাৰাৰ ৪ নম্বৰ অনুচ্ছেদ অনুসৰি চৰকাৰক সেই ক্ষমতা দিয়া হৈছে।

সংঠনটোৱে দাবী কৰিছে যে ড° হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত এক ইতিবাচক সঁহাৰি জনাই প্ৰাৰ্থীসকলক অস্বস্ত কৰক। কিন্তু  মুখ্যমন্ত্ৰীয়ে নিযুক্তিৰ বিষয়টো কেৱল চমক সৃষ্টি কৰিবৰ বাবেহে ব্যৱহাৰ কৰিব বিচাৰিছে। ইমান কেইটা বিভাগত নিযুক্তি প্ৰক্ৰিয়া একেলগে চলিলে অ’ভাৰলেপিঙৰ সমস্যা যে সৃষ্টি হ’ব, চৰকাৰখনে সেয়া জনা নাছিল নেকি? নে নিযুক্তি পাবলগীয়া প্ৰাৰ্থীৰ সংখ্যা কম কৰিবলৈয়ে পৰিকল্পিতভাৱে সমস্যাৰ উদ্ভৱ হ’বলৈ এৰি দিছে যাতে বিত্তীয় সংকটত ককবকাই থকা চৰকাৰখনে কম নিযুক্তি দি বিত্তীয় বোজা লাঘব কৰিব পাৰে?

এতিয়া এই সমস্যাই গভীৰ ৰূপ লোৱাত  ড° শৰ্মাই  মিছাৰ আশ্ৰয় লৈছে। দেখ দেখকৈ এগৰাকী প্ৰাৰ্থী বহুকেইটা পদত নিৰ্বাচিত হোৱাৰ পিছতো তেওঁ  ১৫ জুনৰ পিছতহে অ’ভাৰলেপিং হৈছে নে নাই গম পোৱা যাব বুলি কৈছে। ১৫ জুনৰ পিছত যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকু খোল খালে বাকী ৰোৱা পদৰ বাবে নতুনকৈ পৰীক্ষা পাতিবলৈ গ’লে ৰাজহুৱা ধন অপচয় হোৱাৰ লগতে বহু প্ৰাৰ্থীৰ বয়স উকলি যোৱাৰ সম্ভাৱনা আছে। তদুপৰি পুনৰ অ’ভাৰলেপিংৰ ফলেই গতি কৰিব। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ জুলাই মাহত ১০ হাজাৰ নিযুক্তি দিম বুলি ঘোষণা কৰিছে। এয়া কোনো নতুন পদ নহয়। কাৰণ তেওঁ পূৰ্বে যি ৫১ হাজাৰ খালী পদৰ ঘোষণা কৰিছিল, শেষ মুহূৰ্তত তাৰ ৪১৯২০ টা পদতহে নিযুক্তি দিব বুলি ডাঙৰ ডাঙৰ বিজ্ঞাপন প্ৰকাশ কৰিছে।

চৰকাৰে খালীপদৰ সংখ্যা ৫১৩৯৭ বুলি ধাৰাবাহিক প্ৰচাৰ কৰিছে। কিন্তু কেনেকৈ কম সংখ্যকক নিযুক্তি দিব পাৰি তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। উদাহৰণ হিচাপে হাইস্কুলত স্নাতক শিক্ষক নিযুক্তিৰ কথা ক’ব পাৰি। স্নাতক শিক্ষকৰ খালী পদ ৭৫৭৭ টা কিন্তু অ বি চিৰ বাহিৰে অন্য শ্ৰেণীৰ প্ৰয়োজনীয় প্ৰাৰ্থী নাই। জনজাতিৰ বাবে সংৰক্ষিত থকা খালী পদৰ মাত্ৰ ১০/২০ শতাংশ প্ৰাৰ্থীহে আছে। সাধাৰণ বৰ্গৰ পদৰ ক্ষেত্ৰতো একেই। লক্ষিমপুৰ জিলাত খালী হৈ থকা ৯২ টা সাধাৰণ বৰ্গৰ পদৰ বিপৰীতে ১৫ জনেহে আৱেদন কৰিছে। স্নাতক শিক্ষকৰ মুঠ ৭৭৭৫ টা পদৰ বিপৰীতে মাত্ৰ ২৫০০ মান প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব। এই পদখিনিৰ ক্ষেত্ৰতো অ’ভাৰলেপিং হৈছে। তৃতীয় বৰ্গৰ পদত বাচনিভূক্ত হ’বলৈ সক্ষম হোৱা হেমন্ত কলিতা নামৰ যুৱক জনে লক্ষিমপুৰ জিলাত স্নাতক শিক্ষক পদৰ (কলা) বাবেও বাচনিভূক্ত হৈছে। প্ৰভাকৰ ফুকন নামৰ যুৱকজনে ধেমাজি  জিলাৰ কলা আৰু অসমীয়া বিভাগৰ বাবে বাচনি হৈছে।  নমিতা চুতীয়া নামৰ যুৱতী গৰাকীয়ে স্নাতক শিক্ষক হিচাপে ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ বাবে বাচনিভূক্ত হৈছে। ফুনুমণি কোঁ‌ৱৰ নামৰ যৱতী গৰাকীয়ে ধেমাজি জিলাত কলা বিভাগৰ আৰু তিনিচুকীয়া জিলাত হিন্দীৰ শিক্ষক হিচাপে বাচনিভূক্ত হৈছে। ভাগ্যলক্ষ্মী সন্দিকৈয়ে গোলাঘাট জিলাত বিজ্ঞান শিক্ষক আৰু গোৱালপাৰা জিলা কলা শিক্ষক হিচাপে বাচনিভূক্ত হৈছে। প্ৰগ্যাজ্যোতি গগৈয়ে ডিব্ৰুগড় জিলাত কলা শিক্ষক আৰু ধেমাজি জিলাত হিন্দী শিক্ষক হিচাপে বাচনি হৈছে। নিশামণি গগৈয়ে ধেমাজি জিলাত হিন্দী শিক্ষক আৰু ডিব্ৰুগড় জিলাত কলা শিক্ষক হিচাপে নিৰ্বাচিত হৈছে।

প্ৰাথমিক বিদ্যালয়ৰ খালী হোৱা ৫৩২০ টা পদৰ বিপৰীতে ডেৰ হাজাৰতকৈও অধিক পদ উত্তৰপ্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগৰ প্ৰাৰ্থীয়ে পূৰণ কৰিব। ৰাজ্যৰ যুৱকে চাকৰিৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে ড° হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ আস্থাভাজন হ’বলৈ বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি পথ মুকলি কৰি দিছে। নিজৰ ৰাজনৈতিক ভবিষ্যতৰ বাবে ড° শৰ্মাই ৰাজ্যৰ যুৱক-যুৱতীৰ সপোন অন্ধকাৰৰ মাজলৈ ঠেলি দিছে। ডি ৱাই এফ আই আৰু এছ এফ আইয়ে বহিঃৰাজ্যৰ প্ৰাৰ্থীক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদত নিযুক্তি দিয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু ৰাজ্যখনৰ স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিবলৈ দাবী জনাইছে।

ডি ৱাই এফ আই আৰু এছ এফ আইৰ দাবী, সঁ‌চাকৈ যদি অসমৰ যুৱক-যুৱতীৰ প্ৰতি আন্তৰিকতা আছে তেন্তে শীঘ্ৰে পৰৱৰ্তী বাচনি তালিকা প্ৰকাশ কৰিব বুলি ঘোষণা কৰক। স্বচ্ছতা আৰু স্বজন-তোষণকলৈও নানা প্ৰশ্ন উদয় হৈছে। সৰ্বচ্চো অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি জানিও বহু স্নাতক বা স্নাতকত্তোৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণ কৰি চাকৰিৰ বাবে বাচনি হ’বলৈ সক্ষম হৈছে। ফলত প্ৰকৃত উচ্চতৰ মাধ্যমিক ডিগ্ৰীধাৰী প্ৰাৰ্থী অন্যায়ৰ বলি হৈছে। বহু ঠাইতে শাসক দলৰ বহু প্ৰাৰ্থী চকুত লগাকৈ বাচনিভুক্ত হৈছে বুলি অভিযোগ উঠিছে। এনে অভিযোগবোৰ উঠাৰ সময়তে চৰকাৰে প্ৰাপ্ত নম্বৰসহ উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকা আৰু কাট অফ নম্বৰ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে। আনকি আৰ টি আই কৰিলে উত্তৰ বহি দিবলৈ অস্বীকাৰ কৰিছে। আভ্যন্তৰ খেলিমেলি নাথাকিলে উত্তৰ বহি দিয়াত কোনো আপত্তি নকৰিলেহেঁ‌তেন।

এনে প্ৰেক্ষাপটত অহা ২৪ মে’ত দুয়োটা সংগঠনে অ’ভাৰলেপিং ৰ সমস্যা সমাধান কৰিবলৈ আইন অনুসৰিয়ে পৰীক্ষাত ইতিমধ্যে অৱতীৰ্ণ হৈ থকা প্ৰাৰ্থীসকলৰ মাজৰ পৰাই পৰৱৰ্তী তালিকা প্ৰকাশ কৰি খালী হৈ যোৱা পদসমূহ পূৰণ কৰাৰ দাবীত গুৱাহাটীৰ চচলত দিনৰ ১১ বজাৰ পৰা এক আন্দোলনৰ কাৰ্যসূচীৰ আহ্বান জনাইছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd