অহিন্দু শ্ৰমিকসকলে অদূৰ ভৱিষ্যতে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত কাম কৰিব নোৱাৰিব। এই ৰাজ্যৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে স্পষ্ট ইংগিত দিলে। তেওঁ স্পষ্টকৈ কৈছে, ‘তিৰুপতিৰ দৰে হিন্দু মন্দিৰত কেৱল হিন্দুসকলেহে কাম পাব লাগে। এতিয়া কাম কৰাসকলৰ কোনোবা যদি অহিন্দু হয়, তেন্তে তেওঁলোকক আন ঠাইলৈ স্থানান্তৰ কৰা উচিত।’
শুকুৰবাৰে নাতিৰ জন্মদিন উপলক্ষে তিৰুপতি মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰে নাইডুৱে। পূজা সম্পাদন কৰাৰ পাছত মন্দিৰৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা কৰাৰ লগতে মন্দিৰৰ ভূমিত প্ৰস্তাৱিত মুমতাজ হোটেল প্ৰকল্প বাতিল কৰাৰ সিদ্ধান্তও ঘোষণা কৰে। চন্দ্ৰবাবু নাইডুৰ স্পষ্ট কথা হ’ল- “তীৰ্থস্থানৰ পবিত্ৰতা কোনো ধৰণে ধ্বংস কৰিব নোৱাৰি।” নাইডুৱে কয়, “তিৰুপতি মন্দিৰত কোনো অহিন্দুৱে কাম কৰিব নালাগে।”
উল্লেখ্য যে, তিৰুপতি মন্দিৰত অহিন্দুসকলে কাম কৰি থকা বিতৰ্ক পুৰণি। ডেৰ মাহ পূৰ্বে তিৰুপতি মন্দিৰত ১৮ জন অহিন্দু শ্ৰমিকৰ স্বেচ্ছামূলক অৱসৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। সেই সময়ত তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ৰ ব’ৰ্ডৰ অধ্যক্ষ বি আৰ নাইডুৱে স্পষ্টকৈ কৈছিল, “কেৱল হিন্দু শ্ৰমিককহে মন্দিৰত কাম কৰিবলৈ দিয়া হ’ব। আমি ধৰ্মীয় বিশ্বাসৰ সৈতে আপোচ নকৰো। সেই ১৮ জন শ্ৰমিক অহিন্দু অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে ধৰা পৰিছিল। যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।”
ইতিমধ্যে মন্দিৰত কাম কৰি থকা পদৰ পৰা তেওঁলোকক অপসাৰণ কৰা হৈছে বুলি ব’ৰ্ডে জনাইছে।
মন কৰিবলগীয়া যে ১৯৮৯ চনৰ ‘এণ্ডাউমেণ্ট এক্ট’ অনুসৰি টিটিডিৰ সকলো কৰ্মচাৰীয়ে হিন্দু সংস্কাৰ মানি চলিবলৈ বাধ্য হ’ব। এই সন্দৰ্ভত ব’ৰ্ডে স্পষ্ট বাৰ্তা দিছে যে তিৰুমালাত হিন্দু বিশ্বাসৰ সৈতে কোনো আপোচ কৰা নহ’ব। মন্দিৰৰ সংস্কৃতিক সকলোৱে সন্মান কৰিব লাগিব। আগন্তুক দিনত এই আইনখন অধিক কঠোৰভাৱে কাৰ্যকৰী কৰা হ’ব বুলি ইংগিত দিছে চন্দ্ৰবাবু নাইডুৱে।