মিজোৰামত বোমা পেলোৱা যুঁজাৰু বিমান গৰ্বেৰে প্ৰদৰ্শন বায়ুসেনাৰ

নিজৰ ভূখণ্ড আৰু নাগৰিকৰ ওপৰত সেয়াই আছিল বায়ুসেনাৰ প্ৰথম আৰু শেষ বিমন আক্ৰমণ

DSC_1863-750x375

শিলচৰৰ কুম্ভীৰগ্ৰাম এয়াৰবেছত প্ৰদৰ্শিত তুফীনা বিমানখন।

১৯৬৬ চনৰ ৪ আৰু ৫ মাৰ্চত মিজোৰাম (তেতিয়াৰ অসমৰ মিজো জিলা)ত বিমান আক্ৰমণত ব্যৱহাৰ কৰা এখন তুফানী ফাইটাৰ বিমানক বীৰত্বৰ স্মাৰক হিচাপে প্ৰদৰ্শন কৰি ৰাখিছে শিলচৰৰ কুম্ভীৰগ্ৰাম এয়াৰবেছত।

১৯৬৬ চনৰ ৪ মাৰ্চৰ আবেলি ভাৰতীয় বায়ুসেনাৰ বিমানকেইখনে আইজলত মিজো নেশ্যনেল ফ্ৰণ্টক লক্ষ্য কৰি আকাশমাৰ্গৰ পৰা মেচিনগানেৰে আক্ৰমণ কৰিছিল। প্ৰায় ৫ ঘণ্টা ধৰি চলিছিল আক্ৰমণটো।

মিজোসকলৰ মতে, বায়ুসেনাৰ বিমানকেইখনে আইজলৰ দ্বাৰপুই আৰু চিংগা ভেং অঞ্চলকেইটাত বোমা পেলাইছিল। আইজলৰ লগতে কাষৰীয়া তুৱালবুং আৰু নাহলান নামৰ গাওঁকেইখনতো বোমা দিয়া হৈছিল।

মিজো বিদ্ৰোহীসকলক দমন কৰিবৰ বাবে কুম্ভীৰগ্ৰামত থকা বায়ুসেনাৰ ২৯ নং গোটটোৰ তুফানী জেটকেইখন আৰু যোৰহাটৰ ১৭ নং গোটৰ হাণ্টাৰ বিমানকেইখনৰ ব্যৱহাৰ কৰা হৈছিল।

বায়ুসেনাৰ আক্ৰমণটো মিজো নেশ্যনেল বিদ্ৰোহী (এম এন এফ)ৰ দ্বাৰা চৰকাৰী পক্ষবোৰৰ ওপৰত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে কৰা হৈছিল।

এম এন এফ গৰিলাসকলে মাৰ্চৰ ১ তাৰিখে নিৰাপত্তা বাহিনী, কোষাগাৰবোৰৰ ওপৰত এলানি আক্ৰমণৰ সূচনা কৰিছিল আৰু টকা-পইচা, অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ লুট কৰি নিছিল।

এম এন এফৰ শীৰ্ষতম নেতা লালডেংগাই স্বাধীনতা ঘোষণা কৰিছিল আৰু মিজোসকলৰ ভূমিত “অবৈধ ভাৰতীয় দখল”ৰ বিৰুদ্ধে যুদ্ধত সকলো মিজোক যোগদানৰ বাবে উদাত্ত আহ্বান জনাইছিল।

আইজলত হোৱা এই কুখ্যাত বিমান আক্ৰমণটোৰ ৫৩ বছৰ পিছত নতুন দিল্লীৰ এজন বিমান প্ৰযুক্তিবিদ দীপলয় দেই আইজলত বোমা পেলোৱা এখন তুফানী যুঁজাৰু বিমানৰ সন্ধান উলিয়ায়।

তুফানী যুঁজাৰু বিমানখন প্ৰকৃততে আছিল ডছাল্ট এভিয়েশ্যনে নিৰ্মাণ কৰা এখন ডছাল্ট MD450 অ’ৰাগেন ফাইটাৰ জেট। ভাৰতীয় বায়ুসেনাই ইয়াক তুফানী নাম দিছিল।

ইঞ্জিনীয়াৰ দীপলয় দেই পুৰণি সামৰিক বিমান আৰু অসামৰিক বিমানবোৰৰ সন্ধানত গোটেই ভাৰত ঘূৰি ফুৰে।

তেওঁ শিলচৰৰ কুম্ভীৰগ্ৰাম এয়াৰবেছত তুফানীখন আৱিষ্কাৰ কৰে আৰু ইয়াৰ ফটো লয়।

তুফানী বিমানখনত এটা ভুৱা টেইল নম্বৰ (IC-222) দিয়া আছে আৰু ৰানৱে’ ২৪-অৰ অন্তত আকাশমুৱাকৈ সজাই থোৱা আছে।

তাৰোপৰি বিমানখনৰ আগচকাটো আৰু মূল ককপিট কেনপিটো অনুপস্থিত।

বিমান বন্দৰটো ১৯৪৪ চনতে ব্ৰিটিছে নিৰ্মাণ কৰা আৰু ভাৰতীয় বায়ুসেনাই ইয়াত নিজৰ অস্তিত্ব প্ৰতিষ্ঠা কৰিছিল ১৯৬৬ চনত, যেতিয়া কুম্ভীৰগ্ৰামত ৪০৩ নং বায়ুসেনা বন্দৰ গঠন কৰা হৈছিল।

ইয়াত শিলচৰ অসামৰিক বিমান বন্দৰটোও আছে। ১৯৮৯ চনত কুম্ভীৰগ্ৰাম এয়াৰবেছক বায়ুসেনাৰ ২২ উয়িংলৈ উন্নীত কৰা হয়।

আনহাতে, মিজো নেশ্যনেল ফ্ৰণ্টৰ গৰিলা যুঁজাৰুসকল এতিয়া মুকলি আকাশৰ তলত আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰাম থাংগাকে ধৰি মিজোসকলে ১৯৬৬ চনৰ বিমান আক্ৰমণৰ ঘটনাটোক আতংক আৰু উত্তেজনাৰ সৈতে সোঁৱৰে।

এয়া আছিল ভাৰতীয় বায়ুসেনা বাহিনীৰ নিজা অংগৰ ওপৰত আৰু নিজৰে নাগৰিকৰ ওপৰত কৰা প্ৰথম আৰু শেষ আক্ৰমণ।

যদিও ইয়াক ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই, জনজাতীয় মিজোসকলে দাবী কৰে, আইজল আৰু কাষৰ গাওঁকেইখনত হোৱা বিমান আক্ৰমণটোত বহুতো নিৰীহ অসামৰিক লোকে প্ৰাণ হেৰুৱাইছিল।

তেওঁলোকে এই অভিযোগো কৰে, বিমান আক্ৰমণটোত দ্বাৰপুই আৰু চিংগা গাৱঁৰ বহুতো ঘৰ ধ্বংস হৈছিল।

অৱশ্যে প্ৰশাসনৰ দাবীটো হ’ল ঘৰবোৰত বিদ্ৰোহীসকলে আইজল কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া কয়দীসকলেহে অগ্নিসংযোগ কৰিছিল।

সেয়া যিয়েই নহওক, কুম্ভীৰগ্ৰামৰ এয়াৰবেছৰ ৰানৱে’ত আকাশমুৱা তুফানী ফাইটাৰ জেটখনৰ প্ৰদৰ্শনে মিজোৰামৰ লোকসকলক নিশ্চয়কৈ সুখী কৰিব নোৱাৰে।