পুনৰ দিল্লীৰ ব্যস্ত ৰাজপথত চলিল গুলী, আহত দুই ব্যৱসায়ী; দেশৰ ৰাজধানীৰ নিৰাপত্তাকলৈ প্ৰশ্ন

ফটো সৌজন্য: এএনআই টুইটাৰ।

দেশৰ ৰাজধানী দিল্লীৰ ব্যস্ত ৰাজপথত পুনৰ গুলীচালনাৰ (শুটআউট)ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে সন্ধিয়া দুৰ্বৃত্তই ১০ ৰাউণ্ড গুলী চলাই দুগৰাকী ব্যৱসায়ীক গুৰুতৰভাৱে আহত কৰে। হাস্পাতালত ব্যৱসায়ী দুগৰাকীয়ে জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে।

শনিবাৰে পোহৰলৈ অহা এই ঘটনাই ইতিমধ্যে ৰাজধানী দিল্লীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ আওতাত আইন-শৃখলা পৰিস্থিতিৰ দায়িত্ব থকা দিল্লীৰ ৰাজপথত এটাৰ পিছত আন এটা এনে ঘটনাকলৈ স্বাভাৱিকতে নাগৰিকৰ মনত প্ৰশ্নৰ উদয় হৈছে।

বাতৰি অনুসৰি, শুকুৰবাৰে  সন্ধিয়া পশ্চিম দিল্লীৰ সুভাষ নগৰ অঞ্চলত এই ঘটনা ঘটে। ভাইৰেল ভিডিঅ’ ফুটেজত দেখা গৈছে এখন বগা ৰঙৰ বাহনক তিনিজন দুৰ্বৃত্তই ঘেৰি ধৰি ভিতৰত থকা লোক দুজনক উদ্দেশ্যি ধাৰাসাৰ গুলীবৰ্ষণ কৰে।

লগতে পঢ়ক: হিন্দুত্ববাদক ফেচীবাদৰ সৈতে জড়িত কৰি পৰীক্ষাত প্ৰশ্ন! বিতৰ্কত বেচৰকাৰী বিশ্ববিদ্যালয়

এপিনে প্ৰাণ বচাবলৈ চালকে গাড়ীখন আগবঢ়াই লৈ যায় যদিও পিছপিনৰ পৰা দুৰ্বৃত্তকেইগৰাকীয়ে গুলী চলাই থাকিয়েই গাড়ীখনৰ পিছ লয়। তাৰমাজতে গাড়ীখনে ইউটাৰ্ণ লৈ দ্ৰুত গতিৰে পাৰহৈ যায়।

ফুট গধূলিতে ঘটা এই ঘটনাক আতংকিত হৈ পৰে স্থানীয় বাসিন্দাসকল। খৱৰ পোৱাৰ পিছতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল আহি ঘটনাস্থলীত উপনীত হয়। তেওঁলোকে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ঘটনাটো ব্যৱসায়িক সংঘাত নে কিবা ব্যক্তিগত শত্ৰুতাৰ পৰিণতি সেয়া এতিয়াও পোহৰলৈ অহা নাই।

লগতে পঢ়ক: যুদ্ধৰ বাহিৰৰ খৱৰ: বেলাৰুচত আটক সাংবাদিকৰ ৰাছিয়ান প্ৰেমিকাক ৬ বছৰৰ কাৰাদণ্ড

উল্লেখ্য যে দিল্লীত এনে শুটআউটৰ ঘটনা কোনো নতুন নহয়। পূৰ্বতে ইয়াত আদালতৰ মজিয়াতো গুলীচালনাৰ ঘটনা ঘটিছে। সেই ঘটনাত আৰক্ষীৰ সন্মুখতেই বিচাৰাধীন কাৰাবন্দীক লক্ষ্য কৰি প্ৰতিদ্বন্দ্বী পক্ষৰ সদস্যই গুলী চলাইছিল।