NORTHEAST NOW (Assamese)

অসমত স্থাপন হ’ব প্ৰথম খন মুকলি চিৰিয়াখানা, কি সুবিধা থাকিব ইয়াত?

January 19, 2022 7:35 pm · এন ই নাও নিউজ,গুৱাহাটী

অসমৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰাজ্যখনত শীঘ্ৰেই কাছাৰৰ শিলচৰত এখন মুকলি চিৰিয়াখানা স্থাপন হ’ব৷ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে শিলচৰত মুকলি চিৰিয়াখানাখন স্থাপন কৰা হ’ব।

ডিমা হাছাওৰ হাফলঙত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে৷ মুকলি চিৰিয়াখানাই জন্তুবোৰক প্ৰাকৃতিক পৰিবেশত থকাৰ সুবিধা দিব।

চিৰিয়াখানাখন ২১৪ কোটি টকা ব্যয়েৰে স্থাপন কৰা হ’ব।

চিৰিয়াখানালৈ অহা লোকসকলে জন্তুবোৰ চাবলৈ চাফাৰী যাত্ৰা বা আন বাহন ল’ব লাগিব।

চিৰিয়াখানাৰ বাবে প্ৰস্তাৱিত স্থানৰ এলেকা প্ৰায় ২০০ হেক্টৰ হ’ব। অঞ্চলটোৰ চাৰিওফালে থকা উদ্ভিদবোৰ ধ্বংস নকৰাকৈ এই চিৰিয়াখানা খন স্থাপন কৰা হ’ব।

চিৰিয়াখানা তথা বন্যপ্ৰাণী পুনৰ্সংস্থাপন কেন্দ্ৰত পশু চিকিৎসা স্বাস্থ্য কেন্দ্ৰ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ গোটৰ দৰে সুবিধা থাকিব।

Related News