বঙাইগাঁৱৰ জেল্কাঝাৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

op

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত জেল্কাঝাৰ পাটগিৰিপাৰাত  আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ কৰে ৷

বঙাইগাঁও জিলাৰ উপ- আৰক্ষী অধীক্ষক অমৃতৰাজ চৌধুৰীৰ নেতৃত্বত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া , টি এছ আই আৰু নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ আৰক্ষীৰ এটা দলে এক গোপন তথ্যৰ ভিত্তিত জেল্কাঝাৰ পাটগিৰিপাৰাৰ বনমালী সৰকাৰৰ গৃহত অভিযান চলায় ৷

এই অভিযানত আৰক্ষীয়ে প্ৰায় ২৫.৫৬৪ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ৷ অৱশ্যে গৃহৰ গৰাকী বনমালী সৰকাৰে পলায়ন কৰাত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল ৷