আমিনুল ইছলামৰ দৰে বিজেপি বিধায়ক কিশোৰ নাথ আৰু দিলীপ পালৰ ক্ষেত্ৰত ব্যৱস্থা নোলোৱাটো দুৰ্ভাগ্যজনক : দেবব্ৰত শইকীয়া

'অসমত ক’ৰ’না ভাইৰাছক সাম্প্ৰদায়িক ৰহন সানি চ’ছিয়েল মেডিয়াত প্ৰচাৰ চলাই আছে' শইকীয়া

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পাছতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত শইকীয়াই বিধায়ক আমিনুল ইছলামৰ দৰে বিজেপি বিধায়ক কিশোৰ নাথ আৰু দিলীপ পালৰ ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে।

‘এআইয়ুডিএফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে তৎকালীনভাৱে যি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে সেই তৎপৰতা শাসকীয় দলৰ বিধায়ক কিশোৰ নাথ, দিল্পী পালৰ ক্ষেত্ৰত লোৱা দেখা নাই। এয়া এক দুৰ্ভাগ্যজনক কথা।‘ শইকীয়াই এইদৰে কয়।

ইতিপূৰ্বে বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথে চিকিৎসালয়ত গৈ এজন চিকিৎসকক মাৰপিট কৰাৰ অভিযোগ আহিছিল বুলি তেওঁ উল্লেখ কৰি শইকীয়াই লগতে কয় ‘তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল’ব লাগে বুলি ৰাজ্য চৰকাৰক অৱগত কৰিছিলো।‘

ঠিক সেইদৰে বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক দিলীপ পালেও তবলিগী জামাতিক কেন্দ্ৰ কৰি বহু বিতৰ্কিত মন্তব্য কৰা বুলি শইকীয়াই অভিযোগ তোলে।

তেওঁ কয় ‘তবলিগীত যোৱাসকল নৰপশু, তেওঁলোকক ফিলিপাইনছৰ দৰে গুলিয়াই মাৰি লাগে বুলি বিধানসবাৰ উপাধ্যক্ষ দিলীপ পালে কৈছিল। আৰক্ষীৰ পৰা আমিনুল ইছলামৰ বিৰুদ্ধে লোৱা তৎপৰতা পালৰ ক্ষেত্ৰতো আমি আশা কৰিম।‘

তদুপৰি বিগত সময়ছোৱাত চ’ছিয়েল মেডিয়াত বহুতেই বিতৰ্কিত মন্তব্য কৰি আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘মই ৰাজ্য চৰকাৰক আহ্বান জনাম আমিনুল ইছলামৰ বিৰুদ্ধে যি পদক্ষেপ লৈছে, তেনে পদক্ষেপ অন্য সকলৰ ওপৰতো যাতে গ্ৰহণ কৰে।’

তেওঁ আৰু কয় ‘অসমত ক’ৰ’না ভাইৰাছক সাম্প্ৰদায়িক ৰহন সানি চ’ছিয়েল মেডিয়াত প্ৰচাৰ চলাই আছে। পঞ্জাৱৰ পদ্মশ্ৰী প্ৰাপ্ত ধৰ্ম প্ৰচাৰক বিমল সিঙ ৰাগী কেইদিনমান পূৰ্বে ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। তেওঁ কানাডাৰ পৰা ঘুৰি আহি ২০ খন গাঁও ভ্ৰমণ কৰিছিল আৰু তেওঁৰ দেহৰ পৰা এই মাৰাত্ম ভাইৰাছ ২৯ জন লোকৰ দেহলৈ গৈছে। ইতিমধ্যে তেওঁ ভ্ৰমণ কৰা ২০ খন গাঁৱৰ ৪০ হাজাৰ লোকক কোৱাৰেন্টাইন কৰা হৈছে।‘

সেই গতিকে ক’ৰ’না জেহাদ বুলি কোৱাটোও বা কোনোবাই মেলি দিয়া বুলি কোৱাটোও ভুল মন্তব্য বুলি শইকীয়াই দাবী কৰে।