ভাৰতত ৬টা কেমেৰাযুক্ত ফোন মুকলি, বিশ্বৰ প্ৰথম ৪৪ মেগাপিক্সেল ছেল্ফি কেমেৰা

চীনৰ স্মাৰ্টফোন কোম্পানি অ’প’ই ৰেন’ ৩ প্ৰ’ নামৰ এক ফোন ভাৰতত মুকলি কৰিছে।

ফোনটোত আছে ৬টাকৈ কেমেৰা। দুৱেল ছেল্ফি কেমেৰাত আছে ৪৪ মেগাপিক্সেল।

কোম্পানিটোৱে দাবী কৰা মতে এইটোৱে বিশ্বৰ ভিতৰত প্ৰথমটো ৪৪ মেগাপিক্সেলৰ ছেল্ফি কেমেৰা থকা ফোন।

ফোনটোৰ কেমেৰাত আল্ট্ৰা নাইট ছেল্ফি ম’ড আদি বিভিন্ন সুবিধা আছে।

ফোনটোৰ প্ৰচেছৰ হৈছে MediaTek Helio P95 আৰু বেটাৰি 4,025mAh।

ফোনটোত 30Wৰ ফাষ্ট চাৰ্জিঙৰ সুবিধা আছে।

তিনিটা ৰঙত ৰেন’ প্ৰ’ ৩ উপলব্ধ হ’ব।

আঠ জি বি ৰেমৰ ফোনটোৰ 128GB মেমৰি থকা মডেলৰ দাম 29,990 টকা আৰু 256GB মডেলৰ দাম Rs 32,990 (।)