NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

March 24, 2023 8:03 pm · এন ই নাও নিউজ, নতুন দিল্লী

আদালতৰ সিদ্ধান্তৰ খেও ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সংসদৰ সদস্যপদ বাতিল কৰা হৈছে। দেশৰ বিৰোধী দলসমূহে ঘটনাটোৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে একমুখে শাসনাধিষ্ঠ নৰেন্দ্ৰ মোডী চৰকাৰৰ পিনে আঙুলি তুলিছে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে মোডীৰ নতুন ভাৰতত বিৰোধী নেতাসকল বিজেপিৰ প্ৰধান লক্ষ্য। মমতাই কয়, “প্ৰধানমন্ত্ৰীৰ নতুন ভাৰতত বিৰোধী নেতাসকল বিজেপিৰ প্ৰধান লক্ষ্য। যেতিয়া বিজেপি নেতাসকলে অপৰাধ কৰে, তেতিয়া তেওঁলোকে মন্ত্ৰীসভাত স্থান পায়। আৰু বিৰোধীয়ে এই বিষয়ে কথা কলেই তেওঁলোকক বহিষ্কাৰ কৰা হয়।‘’

আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, “তেওঁলোকে এনে এক পৰিৱেশ সৃষ্টি কৰিব বিচাৰে য’ত কেৱল এটা দল থাকিব আৰু দেশত এজন নেতা থাকিব। তেওঁলোকে সকলো বিৰোধী নেতাক শেষ কৰিব বিচাৰে। ইয়াক কোৱা হয় স্বৈৰাচাৰী।‘’

তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টালিনে কয় যে আপীলৰ আগতে ৰাহুল গান্ধীক বহিষ্কাৰ কৰাৰ কোনো যৌক্তিকতা নাই।

শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেই কয়, “এয়া গণতন্ত্ৰক হত্যা কৰাৰ দৰে। সকলো সংস্থাই চাপচ আছে। আনহাতে, লালু যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলে কয় যে এইটো “লজ্জাজনক তথা দুৰ্ভাগ্যজনক”।

Related News