• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৱত বাধ্যতামূলক হিন্দী ভাষা; গৰজি উঠিল বিৰোধী ৰাজনৈতিক দলৰ লগতে জাতীয় সংগঠন

চৰকাৰৰ নীতিৰ বিৰুদ্ধে সৰৱ প্ৰদ্যুত বৰদলৈ, অখিল গগৈ, আছু, কৃষক মুক্তিৰ লগতে অন্য জাতীয় সংগঠন

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
April 9, 2022 4:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাষাৰ ক্ষেত্ৰতেই হওঁক বা অন্য ক্ষেত্ৰতেই হওঁক অনৈক্যৰ মাজত ঐক্যতাই হৈছে ভাৰতৰ এক পৰিচয়। কিন্তু বিজেপিয়ে নিবিচাৰে অনৈক্যৰ মাজত ঐক্যতা।

শাসক পক্ষৰ মতে ‘এক দেশ-এক ভাষা’ হ’ব লাগে সমগ্ৰ ভাৰততে।

বৃহস্পতিবাৰে হিন্দীৰ সপক্ষে বক্তৱ্য ৰাখি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ বিভিন্ন ৰাজ্যৰ ভিন্ন ভাষা-ভাষী লোকসকলে ইংৰাজীত নহয়, হিন্দীত কথা কোৱা উচিত বুলি দাবী কৰিছিল। লগতে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যত দশম শ্ৰেণীলৈকে হিন্দী ভাষা বাধ্যতামূলক কৰিবলৈ দাবী কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

গৃহমন্ত্ৰীগৰাকীয়ে জোৰ জবৰদস্তি উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যত হিন্দী ভাষা জাপি দিব বিচৰা কাৰ্য্যক সকলো বিৰোধী ৰাজনৈতিক দল তথা জাতীয় সংগঠনে একেমুখে গৰিহণা দিছে।

অমিত শ্বাহৰ হিন্দী ভাষাক লৈ কৰা মন্তব্যৰ পাছত পুনৰ এক নতুন ভাষা বিতৰ্কৰ সূচনা হৈছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁওৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

জাতিৰ পিতা মহাত্মা গান্ধীৰ উদ্ধৃতিৰে সাংসদগৰাকীয়ে কয় “মহাত্মা গান্ধীয়ে তাহানিতে কৈ গৈছিল যে হিন্দী সামগ্ৰিকভাৱে গ্ৰহণযোগ্য ভাষা। হিন্দী কোৱাটো বা শিকাটো দৰকাৰী। কিন্তু জোৰ জবৰদস্তি কাৰো ওপৰত জাপি দিয়াটো অনুচিত”।

“কোনোবাই হিন্দী ক’ব নুখুজিলে জোৰকৈ ক’বলৈ কোৱাটো অনুচিত। তেতিয়া মানুহৰ অনুভূতিত আঘাত হানিব পাৰে”। বৰদলৈয়ে এইদৰে কয়।

ইপিনে বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি-সাধাৰণ সম্পাদক।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত কয় “সপ্তম শ্ৰেণীলৈ হিন্দী ভাষা ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰেই। কিন্তু জোৰ কৰি হিন্দী ভাষা জাপি দিলে পৰিণাম হ’ব ভয়ংকৰ।

ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা হ’ব বুলিও আছুৰ সভাপতিগৰাকীয়ে হুংকাৰ দিয়ে।

ইপিনে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “নিজৰ আইৰ মুখৰ ভাষাটো বাধ্যতামূলক কৰাৰ বিপৰীতে জোৰকৈ হিন্দী ভাষা জাপি দিয়াটো অতিকৈ দুৰ্ভাগ্যজনক”।

ইপিনে, ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে।

চাংমাইয়ে কয় “উত্তৰ পূৰ্বাঞ্চলৰ দৰে জনজাতীয় অঞ্চলৰ বাবে এক ৰাষ্ট্ৰ এক ভাষা প্ৰযোজ্য কৰাটো উচিত নহয়। জনজাতিসকলৰ নিজস্ব ভাষা আছে তথা ভাষাৰ স্বকীয়তা আছে। অসমীয়া, ইংৰাজী আৰু জনজাতীয় ত্ৰিভাষিক নীতি অসম তথা উত্তৰ পূৰ্বাঞ্চলত কাৰ্যকৰী কৰিব লাগে”।

আনহাতে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও ফেচবুকযোগে বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয় “ভাৰতবৰ্ষত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজা ভাষা,সংস্কৃতি আৰু ধৰ্ম আছে। কেৱল উত্তৰ- পূৰ্বাঞ্চলতেই ২২০ টাতকৈ বেছি সৰু- ডাঙৰ জাতি জনগোষ্ঠী আছে আৰু সকলোৰেই নিজা নিজা ভাষা আছে। উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যত ১৮ টাকৈ চৰকাৰী ভাষাও আছে। আমাৰ মাজৰ এই ভাষিক বৈচিত্ৰ্যক আমি সদায় সন্মান কৰি আহিছোঁ আৰু কৰি যাম”।

তেনেস্থলত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত হিন্দী ভাষাক বাধ্যতামূলক হিচাপে জাপি দিব বিচৰাটো অতি নিন্দনীয় আৰু দুৰ্ভাগ্যজনক কাৰ্য বুলি অখিল গগৈয়ে উল্লেখ কৰে।

অখিল গগৈয়ে উল্লেখ কৰা অনুসৰি “১৯৯১ চনৰ লোকপিয়ল মতে, অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা আছিল ৫৭.৮১ % । কিন্তু ২০০১ আৰু ২০১১ চনৰ লোকপিয়লত এই সংখ্যাটো কমি হ’লগৈ ক্ৰমে ৪৮.৮০% আৰু ৪৮.৩৪% । অৰ্থাৎ অসমতে অসমীয়া ভাষা যে বিপদাপন্ন হ’বলৈ গৈ আছে । ইতিমধ্যে অসমৰ কিছুমান ক্ষুদ্ৰ জনগোষ্ঠীয় ভাষা প্ৰায় নি:শেষ হৈ গৈছে, আন কিছুমান বিপদাপন্ন অৱস্থাত আছে” ।

“অসমীয়া ভাষাৰ এনে সংকটৰ সময়তে বিজেপি চৰকাৰে চৰম আগ্ৰাসী মনোভাৱেৰে উত্তৰ-পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈ হিন্দী শিক্ষা বাধ্যতামূলক কৰাটো কোনো কাৰণতেই মানি লোৱা নহ’ব। চৰকাৰলৈ আমাৰ দাবী উত্তৰ-পূবত হিন্দী শিক্ষা জাপি দিব খোজা হঠকাৰী সিদ্ধান্ত অবিলম্বে বাতিল কৰক”। চৰকাৰলৈ দাবী জনাই অখিল গগৈয়ে এইদৰে কয়।

ইয়াৰোপৰি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিতু সোণোৱালেও কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই ঘোষণাৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

তেওঁ কেন্দ্ৰীয় চৰকাৰক অনুধাৱন কৰিবলৈ অনুৰোধ জনাই কয় “দেশত ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ থকাৰ পাছতো কিয় জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ কিয় গাওঁ? ৰাষ্ট্ৰত ভাৰত মাতা কি জয় আৰু বন্দে মাতৰম কোৱাৰ পাছতো অসমত কিয় জয় আই অসম বুলি কওঁ”?

ইপিনে, ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলৰ লগতে জাতীয় সংগঠনসমূহে গৰজি উঠাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ স্থিতিকে দোহাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

“হিন্দী ভাষা শিক্ষণৰ ক্ষেত্ৰত অসম বহু পিছ পৰি আছে। কেৱল অসমখনক চাকৰিৰ মাৰ্কেট কৰি ৰাখিলে নহ’ব। গোটেই দেশৰ চাকৰি বজাৰত প্ৰৱেশ কৰিবলৈ হিন্দী ভাষা জনাতো জৰুৰী। দাক্ষিণাত্যৰ কেইটামান চতুৰ্থ বৰ্গৰ চাকৰি আশা কৰিলেই নহ’ব”। ৰণোজ পেগুৱে আজি সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

বৈচিত্ৰতাৰ মাজতো ঐক্যতাৰ নীতিৰে চলি থকা উত্তৰ পূৰ্বাঞ্চলত বিজেপিয়ে এনেবোৰ নীতিৰে পূৰ্বেও বহুবাৰ বিতৰ্কৰ সৃষ্টি কৰি আহিছে। তেনেক্ষেত্ৰত পুনৰ এবাৰ ভাষাকেন্দ্ৰিক বিতৰ্কৰ সূচনা কৰি চৌদিশে যেন অৰাজক পৰিস্থিতিৰহে সৃষ্টি কৰিব বিচাৰিছে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd