আই এছ এলত অপৰাজেয় ধাৰা অব্যাহত নৰ্থ-ইষ্ট য়ুনাইটেডৰ; শক্তিশালী বেংগালুৰুৰ বিৰুদ্ধে ড্ৰ খেলি ভগাই ল’লে পইণ্ট

ইণ্ডিয়ান চুপাৰ লীগৰ চলিত চিজনত অপৰাজেয় ধাৰা অব্যাহত ৰাখিছে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে।

মঙলবাৰে নিশা ফাৰ্টোডা ষ্টেডিয়ামত শক্তিশালী বেংগালুৰু এফ চিৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এখন খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে ২-২ গ’লত ড্ৰ খেলি পইণ্ট ভগাই লয়।

এই ড্ৰ’ৰ ফলত নৰ্থ-ইষ্ট য়ুনাইটেডে বৰ্তমানলৈ খেলা পাঁচখন খেলৰ পৰা মুঠ ৯ পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ লুইছ মাছাডোৱে প্ৰথমাৰ্ধৰ চতুৰ্থ মিনিটত আৰু দ্বিতীয়াৰ্ধৰ ৭৮ মিনিটত দুটা গ’ল দিয়ে।

আনহাতে, বেংগালুৰুৰ হৈ প্ৰথমাৰ্ধৰ ৯ মিনিটত জুৱানান ফাৰ্ণাণ্ডেজে আৰু ৭০ মিনিটত উদান্ত সিঙে ক্ৰমে এটাকৈ গ’ল দিয়ে।

বৰ্তমানলৈ আই এছ এলত এখন খেলতো পৰাস্ত নোহোৱা নৰ্থ-ইষ্ট য়ুনাইটেডৰ স্পেনিছ প্ৰশিক্ষক জেৰাৰ্ড নাছে দলটোৰ খেলুৱৈ সকলৰ প্ৰদৰ্শনত সন্তুষ্টি ব্যক্তি কৰি ধাৰাবাহিকতা বজায় ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

১৩ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া আন এখন খেলত নৰ্থ-ইষ্ট য়ুনাইটেড চেন্নাই এফ চিৰ মুখামুখি হ’ব।