উত্তৰ-পূবত বিজেপিয়ে লাভ কৰিব ২০ৰ পৰা ২২ খন আসন : পেমা খাণ্ডু

pema-khandu

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ ফাইল ফটো

লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে উত্তৰ-পূবত ২০ৰ পৰা ২২খন আসন লাভ কৰিব। সোমবাৰে এই মন্তব্য কৰে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে।

‘উত্তৰ-পূবৰ ২৫খন আসনৰ ভিতৰত আমাৰ দলে ২০ৰ পৰা ২২খন আসন লাভ কৰিব’। সোমবাৰে নতুন দিল্লীত এক নিৰ্বাচনী অংশ লৈ অৰুণাচলৰ মুখ্য মন্ত্ৰীগৰাকীয়ে এই দাবী কৰে।

দিল্লীৰ বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব যোৱা খাণ্ডুৱে অৰুণাচলৰ দুয়োখন আসনৰ পৰাই বিজেপি জয়ী হ’ব বুলিও কয়। উল্লেখ্য যে অৰুণাচলৰ আসন দুখনৰ বাবে বিজেপিৰ হৈ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু আৰু টাপিৰ গাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

‘বিধানসভা নিৰ্বাচনতো অৰুণাচলত বিজেপিয়ে গৰিষ্ঠ সংখ্যক আসন লাভ কৰি পৰৱৰ্তী চৰকাৰ গঠন কৰিব’। এই দাবী খাণ্ডুৰ।

আনহাতে কংগ্ৰেছে যোৱা ৭০ বছৰত ভাৰতবাসীক কেৱল শোষণ কৰি অহা বুলি মন্তব্য কৰি খাণ্ডুৱে কংগ্ৰেছক আৰু এবাৰ শিক্ষা দিয়াৰ সময় আহিছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা উত্তৰ-পূবত ব্যাপক হাৰত উন্নয়ন হোৱা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অৰুণাচলৰ মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘উত্তৰ-পূবত বিজেপিৰ দিনত ৰে’লপথেই হওক বা অন্যান্য যোগাযোগ ব্যৱস্থাই হওক, উন্নয়নৰ গতি বৃদ্ধি পাইছে। কিন্তু কংগ্ৰেছৰ শাসন কালত এই সমূহ সদায় অৱহেলিত হৈ আহিছিল’। এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে পেমা খাণ্ডু।