পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত মাজুলীত বিজেপিৰ জয় যাত্ৰা

বিজেপিৰ দখলত মাজুলীৰ ২০ খন পঞ্চায়তৰ সৰহ সংখ্যক আসন

maxresdefault

আজি ঘোষণা হোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অনুসৰি মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ সৰহ সংখ্যক আসন বিজেপিৰ দখললৈ গৈছে। পুৱা ৮ বজাৰৰ পৰা গণনা আৰম্ভ হোৱা ফলাফল অনুসৰি, বাতৰি লিখা পৰলৈকে দ্বিতীয় ৰাউণ্ডৰ গণনা  অনুসৰি অধিকাংশ আসন বিজেপিৰ দখললৈ গৈছে।

সেই অনুসৰি গড়মূৰ, আঁহতগুৰি, ৰাৱণাপাৰ ,ৰতনপুৰ মিৰি, দক্ষিণ আঁহতগুৰি, দক্ষিণ কমলাবাৰী, বনগাঁও , লুইতপৰীয়া পঞ্চায়তৰ সভাপতি আসন সমূহ বিজেপিৰ  মিত্ৰজোঁটে লাভ কৰিছে।

আনফালে ৮খন পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ আসন ক্ৰমে বিজেপি মিত্রজোঁটে ৬৪ খন, কংগ্ৰেছে ১১ আৰু নিদৰ্লীয়ই ৩ খন আসনত জয়লাভ লাভ কৰে। জিলাখনৰ ১৬৮ ডাক ভোটৰ ভিতৰত ২৩ টা ভোট নাকচ হৈছে। আনহাতে ভোট গণনা চলি থকা বাকী পঞ্চায়ত সমূহত বিজেপি মিত্ৰজোঁট আগবাঢ়ি আছে।