প্ৰায় ১০০ জন লোকে মিলি ঘৰ ভাঙি অপহৰণ কৰিলে যুৱতী চিকিৎসকক! ভাইৰেল ভিডিঅ’

Over 100 men barge into house and kidnap a woman বিয়াৰ এনগেজমেন্টৰ দিনাই এগৰাকী যুৱতী দন্ত চিকিৎসকৰ অপহৰণৰ ঘটনাই জোকাৰি গৈছে তেলেংগানাৰ ৰঙা ৰেড্ডী জিলা। অভিযোগ কৰা হৈছে যে প্ৰায় ১০০ জন লোকে যুৱতীগৰাকীৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰিছিল। ঘৰটো ভাঙিছিঙি পেলোৱা হৈছিল। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

শুকুৰবাৰে নিশা ঘটিছিল ঘটনাটো। আৰক্ষীৰ সূত্ৰ অনুসৰি, ২৪ বছৰীয়া বৈশালী নামৰ এগৰাকী দন্ত চিকিৎসকৰ এনগেজমেন্ট হোৱাৰ কথা আছিল। ইয়াৰ বাবে ৰঙা ৰেড্ডী জিলাৰ আদি বটতলা গাঁৱৰ ঘৰটো সজোৱা হৈছিল। কিন্তু সেই নিশা এটা অপ্ৰত্যাশিত ঘটনা ঘটিল। হঠাতে প্ৰায় ১০০ জনীয়া এটা দল আহি ঘৰটোত বলপূৰ্বক প্ৰৱেশ কৰে। ঘৰটোৰ সা-সামগ্ৰীবোৰ ভাঙি পেলায়।

লগতে পঢ়ক: নাবালিকাক ধৰ্ষণ কৰি হত্যা; অপৰাধৰ ৫৭ দিনৰ ভিতৰতে দোষীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

তাৰ পিছত তেওঁলোকে বৈশালীক তুলি লৈ গুচি যায়। হাজাৰ চেষ্টাৰ পিছতো চিকিৎসকগৰাকীৰ পিতৃ-মাতৃয়ে উত্তেজিত জনতাক বাধা দিব নোৱাৰিলে। অৱশ্যে, আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে দীঘলীয়া প্ৰচেষ্টাৰ পিছত যুৱতীগৰাকীক উদ্ধাৰ কৰাত সফল হৈছে। এই সন্দৰ্ভত এখন লিখিত অভিযোগ দাখিল কৰা হৈছে। ইতিমধ্যে কেইবাজনো লোকক গ্ৰেপ্তাৰো কৰা হৈছে।

যুৱতী চিকিৎসকগৰাকীৰ ঘৰটো কেনেকৈ জনতাই ভাঙিছিল তাৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। দেখা গৈছে যে কমেও ৩০ জন লোকে এজন মানুহক ঘৰৰ পৰা টানি নিছে। তেওঁক ৰড আৰু লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। গাড়ীখনৰ গ্লাচবোৰো ভাঙি পেলাইছে।

লগতে পঢ়ক: চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ”চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী

কিন্তু এইটো কিয় হ’ল? যুৱতীগৰাকীৰ পৰিয়ালে অভিযোগ কৰিছে যে নবীন ৰেড্ডী নামৰ এজন যুৱকে বৈশালীক বিবাহৰ প্ৰস্তাৱ দিছিল। কিন্তু তেওঁ সন্মত নোহোৱাৰ বাবে দীৰ্ঘদিন ধৰি তেওঁক আমনি কৰি আছিল। অভিযোগ কৰা হৈছে যে যুৱতীগৰাকীক যুৱকজনৰ মানুহেই অপহৰণ কৰিছিল।