কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত দাখিল কৰা তথ্য অনুসৰি ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৩ হাজাৰ বৰ্গ কিলোমিটাৰতকৈ অধিক বনাঞ্চল বেদখলকাৰীৰ কবলত। যিটো অঞ্চল দিল্লী, ছিকিম আৰু গোৱাৰ সংযুক্ত ভৌগোলিক আকাৰতকৈও ডাঙৰ হ’ব।
এই অঞ্চলসমূহৰ ভিতৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, অৰুণাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, চণ্ডীগড়, ছত্তীশগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, কেৰেলা, লক্ষদ্বীপ, মহাৰাষ্ট্ৰ, ওড়িশা, পুডুচেৰী, পঞ্জাব, তামিলনাডু, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ছিকিম, মধ্যপ্ৰদেশ, মিজোৰাম আৰু মণিপুৰ।
বিগত বছৰৰ এপ্ৰিল মাহত এন জি টিয়ে মন্ত্ৰালয়ক সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বনাঞ্চল বেদখলৰ সবিশেষ তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল। নিৰ্দেশ অনুসৰি এন জি টিক দাখিল কৰা এক প্ৰতিবেদনত কেন্দ্ৰীয় মন্ত্ৰালয়ে ২০২৪ চনৰ মাৰ্চলৈ প্ৰদান কৰা তথ্য অনুসৰি ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৩,০৫,৬৬৮.১ হেক্টৰ (বা ১৩,০৫৬ বৰ্গ কিলোমিটাৰ) বনভূমি বেদখলৰ অধীনত আছে।
কিন্তু বিহাৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ, ৰাজস্থান, তেলেংগানা, পশ্চিম বংগ, নাগালেণ্ড, দিল্লী, জম্মু-কাশ্মীৰ, আৰু লাডাখে বনাঞ্চল বেদখলৰ তথ্য এতিয়াও দাখিল কৰা নাই। প্ৰতিবেদনত আৰু সংজ্ঞায়িত কৰা হৈছে যে সংৰক্ষিত বনাঞ্চল এলেকাক চৰকাৰে বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰা ভূমি অন্তৰ্ভুক্ত কৰা হৈছে।
আৰ এফ এসমূহক তিনিটা ভাগত ভাগ কৰা হয়: সম্পূৰ্ণ সংৰক্ষিত বনাঞ্চল, য’ত চিকাৰ আদি কাৰ্য্যকলাপ সাধাৰণতে নিষিদ্ধ, সংৰক্ষিত বনাঞ্চল য’ত নিষিদ্ধ নহ’লে কিছুমান কাৰ্য্যকলাপৰ অনুমতি দিয়া হয়, আৰু অশ্ৰেণীভুক্ত অৰণ্য।
প্ৰকাশিত তথ্য আনুসৰি মধ্য প্ৰদেশত সৰ্বাধিক বনাঞ্চল বেদখল কৰা হৈছে, য’ত ২০২৪ চনৰ মাৰ্চ মাহলৈকে ৫,৪৬০.৯ বৰ্গ কিল’মিটাৰ ক্ষতিগ্ৰস্ত হৈছিল। অসমৰ ৩,৬২০.৯ বৰ্গ কিলোমিটাৰ এলেকা বেদখলৰ অধীনত আছে। আন উল্লেখযোগ্য ৰাজ্যসমূহ হ’ল কৰ্ণাটক (৮৬৩.০৮ বৰ্গ কিলোমিটাৰ), মহাৰাষ্ট্ৰ (৫৭৫.৫৪ বৰ্গ কিলোমিটাৰ), অৰুণাচল প্ৰদেশ (৫৩৪.৯ বৰ্গ কিলোমিটাৰ), ওড়িশা (৪০৫.০৭ বৰ্গ কিলোমিটাৰ), উত্তৰ প্ৰদেশ (২৬৪.৯৭ বৰ্গ কিলোমিটাৰ), মিজোৰাম (২৪৭.৭২ বৰ্গ কিলোমিটাৰ) আৰু ঝাৰখণ্ড (২০০.৪ বৰ্গ কিলোমিটাৰ)।