যুদ্ধোন্মাদনাৰ তেজৰ ফাঁকু! ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধত মৃত্যু দুই শতাধিকৰ

Israel-Palestine war

যুদ্ধৰ উন্মাদনাই তেজৰ ফাঁকু খেলিছে ইজৰাইল-পেলেষ্টাইনত। আজি পুৱাৰ পৰা সূত্ৰপাত হোৱা যুদ্ধৰ ফলত এইপৰ্যন্ত নিহত হৈছে দুই শতাধিক লোকৰ। ভয়াৱহ যুদ্ধৰ পৰিণতিত গাজাত এইপৰ্যন্ত প্ৰায় ১৯৮ জন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে পেলেষ্টাইনে।

ইয়াৰ বিপৰীতে ইজৰাইলত হামাছ বাহিনীয়ে আকস্মিক আক্ৰমণ চলাই ৫ হাজাৰ ৰকেট নিক্ষেপ কৰাৰ ফলত ৪০ জন লোকৰ মৃত্যু হৈছে বুলি খবৰ প্ৰকাশ পাইছে। ইতিমধ্যে হামাছ বাহিনীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ইজৰাইলে।

শনিবাৰে পুৱা মাত্ৰ ২০ মিনিটতে গাজা ষ্ট্ৰিপৰ পৰা দক্ষিণ ইজৰাইললৈ ৫ হাজাৰ ৰকেট নিক্ষেপ কৰিছিল হামাছ বাহিনীয়ে। ইয়াৰ পিছতেই ইজৰাইলে হামাছ বাহিনীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি প্ৰতিশোধৰ প্ৰতিশ্ৰুতিৰে বিমান আক্ৰমণ চলায়।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এক ভিডিঅ’ বাৰ্তাযোগে ইজৰাইলী জনগণক সম্বোধন কৰি হামাছ বাহিনীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দি এই অভিযানক যুদ্ধ হিচাপে ঘোষণা কৰে আৰু এই যুদ্ধত জয়ী হ’ম বুলিও আশ্বাস দিয়ে।

দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গেলেণ্টে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি হামাছে গুৰুতৰ ভুল কৰিছে বুলি সকীয়াই দিছে। তদুপৰি ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে যুদ্ধৰ বাবে প্ৰস্তুতিৰ অৱস্থা ঘোষণা কৰিছে।

ইফালে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি ভাৰতীয় নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু সুৰক্ষা প্ৰট’কল মানি চলিবলৈ পৰামৰ্শ দিছে। ভাৰতে নাগৰিকসকলে যোগাযোগ কৰিব পৰাকৈ হেল্পলাইন আৰু ইমেইল ঠিকনাও মুকলি কৰিছে।

উল্লেখ্য যে, হামাছৰ সশস্ত্ৰ শাখাই এই আক্ৰমণক ‘অপাৰেচন আল-আকছা ফ্লাড’ আখ্যা দিছে আৰু প্ৰাথমিক আক্ৰমণৰ ২০ মিনিটৰ ভিতৰতে ৫ হাজাৰৰো অধিক ৰকেট নিক্ষেপ কৰি এক ভয়াৱহতাৰ সূচনা কৰে।