কোভিচিল্ডৰ পিছত পোহৰলৈ আহিছে কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া : বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষণাত ওলাইছে ভয়ংকৰ তথ্য

ভাৰত বায়’টেকৰ ক’ভিড প্ৰতিৰোধী ভেকচিন ক’ভাক্সিন গ্ৰহণ কৰা ব্যক্তিসকলৰ প্ৰায় এক তৃতীয়াংশই পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হোৱাৰ তথ্য পোহৰলৈ আহিছে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে কৰা এবছৰৰ গৱেষণাত ওলাইছে এই তথ্য।

গৱেষণাত অংশ লোৱা ৯২৬ জন অংশগ্ৰহণকাৰীৰ প্ৰায় ৫০ শতাংশই পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হৈছিল।

কিশোৰ-কিশোৰী আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত বিবিভি১৫২ ভেকচিনৰ দীৰ্ঘম্যাদী সুৰক্ষাৰ ওপৰত চকু ৰখা এই অধ্যয়নত দাবী কৰা হৈছে যে ষ্ট্ৰোক আৰু গুইলেন-বেৰ চিনড্ৰমকে ধৰি গুৰুতৰ এইএছআই এক শতাংশ ব্যক্তিৰ ক্ষেত্ৰত পোৱা গৈছে।

২০২২ চনৰ জানুৱাৰীৰ পৰা আগষ্টলৈকে কৰা এই অধ্যয়নত জানিব পৰা গৈছে যে কোভাক্সিন গ্ৰহণ কৰা প্ৰায় এক তৃতীয়াংশ ব্যক্তিৰ এ ই এছ আই ৰোগ হৈছিল। নতুনকৈ আৰম্ভ হোৱা ছাল আৰু ছালৰ তলৰ বিকাৰ, সাধাৰণ বিকাৰ, আৰু স্নায়ুতন্ত্ৰৰ বিকাৰ হৈছে ভেকচিন লোৱাৰ পিছত কিশোৰ-কিশোৰীসকলৰ মাজত দেখা পোৱা তিনিটা আটাইতকৈ সাধাৰণ বিকাৰ।

এই অধ্যয়নত ৬৩৫ জন কিশোৰ-কিশোৰী আৰু ২৯১ জন প্ৰাপ্তবয়স্ক লোকক জড়িত কৰা হৈছিল, যিসকলে BBV152 ভেকচিন লাভ কৰিছিল।

টিকাকৰণৰ ১ বছৰৰ পিছত বিশেষ দীৰ্ঘম্যাদী পাৰ্শ্ব্ক্ৰিয়াৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক টেলিফোনযোগে সাক্ষাৎকাৰ লোৱা হৈছিল।

এই ভেকচিন লোৱা ১০.৫ শতাংশ কিশোৰ-কিশোৰী ছালৰ ৰোগত, ১০. ২ শতাংশ কিশোৰ কিশোৰী সাধাৰণ ৰোগত, আৰু ৪.৭ % কিশোৰ কিশোৰী স্নায়ুতন্ত্ৰৰ ৰোগত ভুগিছিল বুলি গৱেষণাত প্ৰকাশ পাইছে।

লগতে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত পেশী-কংকালৰ ৰোগত ৫. ৮ শতাংশ লোক আক্ৰান্ত হোৱাৰ লগতে স্নায়ুতন্ত্ৰৰ ৰোগত ৫. ৫ শতাংশ লোক আক্ৰান্ত হৈছে।

ভেকচিন গ্ৰহণ কৰা ৪.৬ শতাংশ মহিলাৰ ঋতুস্ৰাৱৰ অস্বাভাৱিকতা লক্ষ্য কৰা হৈছিল গৱেষণাটোত।

গৱেষণাত ওলাইছে যে ২. ৭ শতাংশ আৰু ০.৬ শতাংশ অংশগ্ৰহণকাৰীৰ চকুৰ অস্বাভাৱিকতা আৰু হাইপোথাইৰয়ডিজম দেখা গৈছে।

অধ্যয়নটোত কোৱা হৈছে যে ক’ভাক্সিনৰ দুটা মাত্ৰা গ্ৰহণ কৰা প্ৰাপ্তবয়স্কসকলৰ তুলনাত তিনিটা ড’জ গ্ৰহণ কৰা প্ৰাপ্তবয়স্ক আৰু এটা ড’জ গ্ৰহণ কৰা প্ৰাপ্তবয়স্কসকলৰ এ ই এছ আইৰ আশংকা ক্ৰমে চাৰি আৰু দুগুণ বেছি আছিল।