NORTHEAST NOW (Assamese)

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় ৫.৫ লাখ; ৰেকৰ্ড সংখ্যক নতুন সংক্ৰমণে বৃদ্ধি কৰিছে উদ্বেগ

June 29, 2020 11:41 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় চাৰে পাঁচ লাখৰ কাষ চাপিছে। একেৰাহে দ্বিতীয়টো দিনতো প্ৰায় ২০হাজাৰ নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ১৯,৪৫৯জন লোক নতুনকৈ আক্ৰান্ত হৈছে।

যোৱা ২৪ ঘন্টাত ৩৮০ লোকৰ এই মাৰাত্মক ভাইৰাছৰ ফলত মৃত্যু হৈছে।

দেশত বৰ্তমান মুঠ কৰ’না ৰোগীৰ সংখ্যা ৫,৪৮,৩১৮জনলৈ বৃদ্ধি পাইছে।

এতিয়ালৈকে দেশত কৰ’নাৰ ফলত মুঠ ১৬,৪৭৫জন লোকৰ মৃত্যু হৈছে। দেশত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ২,১০,১২০জন।

আনহাতে দেশত এতিয়ালৈকে ৩,২১,৭২৩জন লোক কৰ’না পৰা সুস্থ হৈ উঠিছে।

ইপিনে, মহাৰাষ্ট্ৰত যোৱা ২৪ ঘন্টাত নতুনকৈ ৫,৪৯৩জন লোক কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১,৬৪,৬২৬জনলৈ বৃদ্ধি পাইছে।

তদুপৰি, নতুনকৈ ১৫৭জন লোকৰ মৃত্য হোৱাৰ পাছত ৰাজ্যখনত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৭,৪২৯জনলৈ বৃদ্ধি পায়।

আনহাতে, দিল্লীত কৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৮৩,০৭৭জনলৈ বৃদ্ধি পাইছে।

যোৱা ২৪ ঘন্টাত ৰাজ্যখনত কৰ’না আক্ৰান্তৰ ২,৮৮৯টা নতুন ঘটনা পোহৰলৈ আহিছে।

বিগত ২৪ ঘন্টাত ৬৫জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছত দিল্লীত এতিয়ালৈকে কৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২,৬২৩জনলৈ বৃদ্ধি পালে।

Related News