NORTHEAST NOW (Assamese)

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

August 17, 2022 11:43 am · এন ই নাও নিউজ, গুৱাহাটী

মহাৰাষ্ট্ৰৰ গণ্ডিয়াত আজি পুৱতি নিশা সংঘটিত হৈছে এক ৰেল দুৰ্ঘটনা। এখন মালবাহী ৰেল আৰু যাত্ৰীবাহী ৰেলৰ সংঘৰ্ষৰ ফলত আহত হৈছে ৫০ গৰাকী যাত্ৰী। আজি পুৱতি নিশা প্ৰায় ২.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

মালবাহী ৰেলখনৰ সৈতে খুন্দা মৰাৰ পিছত যাত্ৰীবাহী ৰেলখনৰ ৩ টা দবা লাইনচ্যুত হয় আৰু ফলত ৫০ জনৰো অধিক লোক আহত হয়। অৱশ্যে আহত সকলৰ ভিতৰত ৪৯ গৰাকীকে প্ৰাথমিক চিকিৎসাৰ পিছত অব্যাহতি দিয়া হৈছে।

আনহাতে এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। বক্তিগৰাকী বৰ্তমান সংকটজনক অৱস্থাত স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

এই দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত কোনো যাত্ৰীৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱা নাই। যাত্ৰীবাহী ৰেলখন ছত্তীশগড়ৰ বিলাসপুৰৰ পৰা ৰাজস্থানৰ যোধপুৰলৈ গৈ আছিল বুলি স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

মূলত: চিগনেলৰ সমস্যাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। অৱশ্যে যাত্ৰীবাহী ৰেলখনৰ চালকজনে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰি দুৰ্ঘটনাটো অধিক ভয়াৱহ হোৱাৰ পৰা ৰক্ষা পৰে।

দুৰ্ঘটনাৰ পিছত কিছু সময় ধৰি ৰেলখন দুৰ্ঘটনাস্থলীত ৰখাই থোৱা হয় পুৱা ৪.৪০ বজাত পুনৰ গন্তব্যস্থলীলৈ ৰাওনা হয়।

Related News