এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ ১৩১ তম সংস্কৰণ মঙলবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াঙ্গনত আৰম্ভ হয়। আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। উদ্বোধনী মেচখনত দেশৰ আগশাৰীৰ ফুটবল ক্লাৱ মহমেদান স্পোৰ্টিঙে এফ চি গোৱাক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।
উল্লেখ্য যে এইবাৰ এই ঐতিহাসিক ফুটবল প্ৰতিযোগিতাখন কলকাতা, ইম্ফল আৰু গুৱাহাটীয়ে যুটীয়াভাৱে আয়োজন কৰিছে।
ডুৰাণ্ড কাপৰ এই ১৩১ তম সংস্কৰণত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰিছে। আই-লীগৰ পাঁচটা দল আৰু সশস্ত্ৰ বাহিনীৰ চাৰিটা দলৰ সৈতে ইণ্ডিয়ান চুপাৰ লীগৰ ১১ টা ক্লাবে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে।
চল্ট লেক ষ্টেডিয়াম (কলকাতা, পশ্চিম বংগ), নাইহাটি ষ্টেডিয়াম (নাইহাটি, পশ্চিম বংগ), কিশোৰ ভাৰতী ষ্টেডিয়াম (কলকাতা, পশ্চিম বংগ), খুমান লাম্পাক ষ্টেডিয়াম (ইম্ফল, মণিপুৰ) আৰু ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম (গুৱাহাটী, অসম) ত এই সংস্কৰণৰ মেচসমূহ অনুষ্ঠিত হ’ব।
গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ১৭ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰৰ ভিতৰত মুঠ দহখন খেল অনুষ্ঠিত হ’ব।
আজি গুৱাহাটীত প্ৰথমখন মেচত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেডে উৰিষ্যা এফ চিৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব। সন্ধিয়া ৫.৩০ বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ’ব।
এটা শ্বটেৰে ডুৰাণ্ড কাপ ২০২২ ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মমতা বেনাৰ্জীয়ে
ডুৰাণ্ড কাপ ২০২২ ৰ উদ্বোধনী অনুষ্ঠানৰ চিনাকি পৰ্বত এফ চি গোৱাৰ খেলুৱৈৰ সৈতে কৰমৰ্দন মমতা বেনাৰ্জীৰ
মহম্মদন এছচিৰ চাইৰুয়াতকিমা আৰু এফ চি গোৱাৰ শ্যানন ভিয়েগাছৰ মাজত বল দখলৰ যুঁজ
এফ চি গোৱাৰ খেলুৱৈক অতিক্ৰম কৰি বল আগুৱাই নিয়াৰ প্ৰয়াস মহমেদান স্প’ৰ্টিঙৰ অধিনায়ক মাৰ্কুছ যোছেফৰ
জয়ৰ পিছত উল্লাস মহমেদান স্প’ৰ্টিং ক্লাবৰ খেলুৱৈসকলৰ