৫০ লাখতকৈ অধিক ভাৰতীয়ৰ নাই ‘হাত ধোৱা’ৰ সুবিধা; সমীক্ষাত প্ৰকাশ

প্ৰতিনিধিত্বমূলক ছবি

ভাৰতত ৫০ লাখতকৈ অধিক লোকৰ যথোপযুক্ত হাত ধোৱা ব্যৱস্থাৰ সুবিধা নাই, যাৰ বাবে তেওঁলোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ যথেষ্ট সম্ভাৱনা আছ। এক শেহতীয়া সমীক্ষাত প্ৰকাশ।

Environmental Health Perspectives নামৰ পত্ৰিকাখনত প্ৰকাশ পোৱা সমীক্ষাটোৰ মতে ভাৰতৰ উপৰি চীন, বাংলাদেশ, পাকিষ্টান, নাইজেৰিয়া, ইথিওপিয়া, কংগো গণৰাজ্যতো ৫০ লাখকৈ লোকৰ পৰ্যাপ্ত হাত ধোৱাৰ সুবিধা নাই।

উল্লেখযোগ্য যে ক’ৰ’না ভাইৰাছৰ পৰা নিজকে বচাই ৰখাৰ লগতে ইয়াৰ বিয়পাটো ৰোধ কৰাত চাবোনেৰে ভালদৰে হাত ধোৱাটোক যথেষ্ট গুৰুত্ব দিয়া হয়।

‘নিম্ন আয়ৰ দেশবিলাকত ভাইৰাছ বিয়পা ৰোধ কৰাটো অত্যন্ত জৰুৰী, কিন্তু বহুল জনসংখ্যাৰ বাবে ছ’চিয়েল ডিস্টেনচিং মানি চলাটো এক প্ৰত্যাহ্বান হৈ পৰাৰ লগতে এই দেশবিলাকত চাবোন আৰু পানীৰে ভালদৰে হাত ধোৱা সুবিধাৰ অভাৱ।’ সমীক্ষাটোত প্ৰকাশ।

সমীক্ষাটোত এনে দেশবিলাকৰ চৰকাৰসমূহক পৰ্যাপ্ত সুবিধা নথকা ঠাইসমূহত এলক’হলযুক্ত হেণ্ড চেনিটাইজাৰ যোগান ধৰিবলৈ পৰামৰ্শ দিয়া হয়।

বিশ্বৰ প্ৰায় ৪৬খন দেশত আধাতকৈ অধিক লোক চাবোন আৰু পৰিষ্কাৰ পানীৰ অভাৱত থাকে বুলি গৱেষণাটোত লগতে উল্লেখ কৰা হয়।

অৱশ্যে উক্ত সমীক্ষাটোত বিদ্যালয়, কাৰ্যালয়, স্বাস্থ্য কেন্দ্ৰ, বজাৰ তথা আন ৰাজহুৱা স্থানসমূহক ধৰা হোৱা নাই।