পূৰ্বৰ অভিলেখ ভংগ কৰি দেশত ২৪ ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত ৫৭,১১৮ গৰাকী লোক

COVID19-positive-1140x570

ক’ৰ’ণা আক্ৰান্ত লোকৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ হ’ল।

দেশত বিগত ২৮ ঘণ্টাত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হ’ল ৫৭,১১৮ গৰাকী লোক।

এই পৰিসংখ্যা লৈ চাই দেশত নিতৌ ১ৰ পৰা ২ হাজাৰ কৈ লোক  ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি কব পাৰি।

সমগ্ৰ দেশতে আনলক ৩.০ৰ বিধি-ব্যৱস্থা সমূহ কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰ সমূহে তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তে এনেদৰে ক’ৰ’ণা ৰোগীৰ সংখ্যা বৃদ্ধিয়ে চৰকাৰক চিন্তিত কৰি তুলিছে।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে ভাৰত।

দেশত বিগত ২৪ ঘন্টাত ৫৭,১১৮ গৰাকী লোক এই মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে।

২৪ ঘন্টাত ভাইৰাছ বিধে প্ৰাণ কাঢ়ি নিছে ৭৬৪ গৰাকী লোকৰ।

এতিয়া লৈকে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ১৬,৯৫,৯৮৮ গৰাকী।

ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছ বিধে প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ৩৬,৫১১ গৰাকী।

সুখৰ কথাটো হৈছে ক’ৰ’ণা ভাইৰাছৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা দিনক দিনে দেশত বৃদ্ধি পাবলৈ ধৰিছে।

ক’ৰ’ণাৰ পৰা মুক্ত হোৱা ৰোগীৰ শতাংশ  হাৰ হৈছে ৬৪.৫২।

ক’ৰ’ণাৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা প্ৰায় ১০.৯৪ লাখ হৈছে ।

কৰিছে। দেশত কোভিডত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ২.১৮। সমগ্ৰ বিশ্বত এই হাৰ ৪ শতাংশ। দেশত শনিবাৰলৈকে মুঠ ১,৯৩,৫৮,৬৫৯ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰা হৈছে।