দেশত এদিনতে কোভিডত আক্ৰান্ত প্ৰায় ৬৩ হাজাৰ লোক

COVID19-positive-1-1140x570-750x375

দেশত এতিয়া প্ৰতিদিনে ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্য ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।বিগত ২৪ ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত হৈছে প্ৰায় ৬৩ হাজাৰ লোক।

দেশৰ ১৮ খন ৰাজ্যত এতিয়া পোৱা গৈছে কোভিডৰ নতুন প্ৰজাতি।

এই প্ৰজাতি কোভিড-১৯ তকৈয়ো অধিক মাৰাত্মক বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।

ভেকচিন ওলাইছে, কিন্তু কোভিডৰ আতংকৰ পৰা মুক্ত হ’ব পৰা নাই দেশ।

দেশত কিছুদিন আগলৈকে কোভিডৰ সংহাৰ বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল যদিও শেহতীয়াকৈ পুনৰ কোভিডে মাৰাত্মক ৰূপত মূৰ দাঙি উঠিছে।

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰততো বৰ্তমান সময়ত কোভিড ভাইৰাছৰ সংক্ৰমণ পুনৰ নতুনকৈ আৰম্ভ হৈছে।

বিগত ২৪ ঘণ্টাত ভাৰতত  ৬২,২৫৮ গৰাকী ব্যক্তি কোভিড প’জিটিভ হৈছে।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈ জন।ভাৰতত যোৱা ২৪ ঘণ্টাত ২৯১ গৰাকী কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰ, তামিলনাডু, পঞ্জাৱ আদি ৰাজ্যত কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।দেশত ক’ৰ’ণাৰ নতুন ঢৌ অহাৰ সময়তে এইবাৰ ক’ৰ’ণাত আক্ৰান্ত হ’ল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ।

আজি টুইটাৰত তেণ্ডুলকাৰে ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথা নিজে প্ৰকাশ কৰিছে।

তেওঁ লগতে কয় যে পৰিয়ালৰ আন কোনো লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা হোৱা নাই। টুইটাৰত তেণ্ডুলকাৰে লিখিছে যে তেওঁ বৰ্তমান সুস্থ হৈ আছে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ হোম কোৱাৰেণ্টাইনত আছে।

ইপিনে ক্ৰিকেটাৰ গৰাকী ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।