NORTHEAST NOW (Assamese)

নিমাতীত দুৰ্ঘটনাগ্ৰস্ত ফেৰী ‘মা কমলা’ৰ স্বত্বাধিকাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ

September 14, 2021 11:06 am · নিৰ্মলেন্দু পাঠক
Updated: September 14, 2021 11:35 am
পানীৰাম কলিতা।

নিমাতীত দুৰ্ঘটনাগ্ৰস্ত ফেৰী ‘মা কমলাৰ’ স্বত্বাধিকাৰ পানীৰাম কলিতাক সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছে l

ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমৰ পৰা দুপৰীয়া কলিতাক গ্ৰেপ্তাৰ কৰা হয় l

অসুস্থ অৱস্থাৰে পানীৰাম কলিতা পায়হি যোৰহাট আৰক্ষী থানা l

বৰ্তমান তেওঁক যোৰহাট আৰক্ষী থানাতে ৰখা হৈছে l নিমাতীত ফেৰী দুৰ্ঘটনাগ্ৰস্ত ঘটনাত বৰ্তমানলৈকে ১২ জন লোকক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে l

যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত হোৱা এই ভয়ংকৰ ফেৰী দুৰ্ঘটনাটোত দুজন লোকৰ মৃত্যু ঘটাটো নিশ্চিত হৈছে।

বিয়লি প্ৰায় ৪বজাত ‘মা কমলা’ নামৰ ফেৰীখন ‘টিপকাই’ নামৰ নাওখনৰ সৈতে খুন্দা লাগি দুৰ্ঘটনাটো সংঘটিত হৈছিল।

মাজুলীৰ কলেজ এখনৰ অধ্যাপিকা ২৮ বছৰীয়া পৰিমিতা দাসৰ ফেৰী দুৰ্ঘটনাটোত আহত হোৱাৰ পাছত যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু ঘটে।

সেইদৰে, ৰাজগড় হাইস্কুলৰ এগৰাকী শিক্ষক ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ কাজিৰঙাত উদ্ধাৰ হয়।

আনহাতে, ফেৰীখনৰ এগৰাকী যাত্ৰী মাজুলী এখন হাস্পাতালৰ চিকিৎসক ডাঃ বিক্ৰমজিৎ কাকতি এতিয়াও সন্ধানহীন হৈ আছে।

Related News