NORTHEAST NOW (Assamese)

অহা নৱেম্বৰত ভাৰতত উপলব্ধ হ’ব অক্সফোৰ্ডৰ কোভিড১৯ ভেকচিন ‘কোভিডশ্বিল্ড’!

July 23, 2020 2:12 pm · এন ই নাও নিউজ
Updated: July 23, 2020 2:24 pm

ইতিমধ্যে তৃতীয় পৰ্যায় মানৱ শৰীৰত পৰীক্ষণ চলি থকা অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক’ৰ’নাৰ প্ৰতিষেধক কোভিডশ্বিল্ড অহা নৱ্ম্বেৰত ভাৰতত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।

এই কথা প্ৰকাশ কৰিছে ভাৰতৰ পুনেস্থিত ভেকচিন উৎপাদনকাৰী প্ৰতিষ্ঠান চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যকৰী বিষয়া অধৰ পোনাৱালাই।

উল্লেখ্যে যে, চুইডিছ এষ্ট্ৰাজেনকা নামৰ প্ৰতিষ্ঠানটোৰ সৈতে অংশীদাৰিত্বত চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া উৎপাদন কৰি উলিওৱা কোভিডশ্বিল্ড নামৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ভেকচিনটো ইতিমধ্যে মানৱ শৰীৰৰ দুটা পৰীক্ষণ সফলতাৰে সম্পন্ন হৈছে।

The Lancet নামৰ ব্ৰিটিছ মেডিকেল জাৰ্ণেলখনৰ মতে ১৮ৰ পৰা ৫৫ বছৰ বয়সৰ মানৱ শৰীৰত দ্বৈত্ব ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি কৰিছে কোভিডশ্বিল্ড-এ।

মঙলবাৰে চেৰাম ইনষ্টিটিউট-এ কৈছিল যে ভাৰতত কোভিডশ্বিল্ডৰ তৃতীয় পৰ্যায়ৰ মানৱ শৰীৰত পৰীক্ষণ আৰম্ভ কৰা হ’ব আৰু আগষ্টত ৫,০০০ হাজাৰ স্বেচ্ছাসেৱকৰ শৰীৰত ইয়াক প্ৰয়োগ কৰা হ’ব।

আনহাতে CNBC-TV-18ক দিয়া এক সাক্ষাৎকাৰত অধৰ পানোৱালে কয়, “আমি অহা ৪৮ ঘণ্টাৰ ভিতৰত ড্ৰাগ কণ্ট্ৰল জেনেৰেল অৱ ইণ্ডিয়াৰ কাৰ্যালয়ত আবেদন কৰিম। আমি কিদৰে অধ্যয়ন আৰু পৰীক্ষা কৰিব লাগিব সেই সম্পৰ্কে তেওঁলোকে এক দুই সপ্তাহৰ ভিতৰত জনাব।”

ইফালে চেৰাম ইনষ্টিটিউট-এ ৩ৰ পৰা ৪ মিলিয়ন কোভিডশ্বিল্ড চলিত বৰ্ষত তৈয়াৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে।

“এই বছৰ শেষলৈকে আমি ৩ৰ পৰা ৪ মিলিয়ন ভেকচিন নিৰ্মাণৰ লক্ষ্য বান্ধি লৈছো। আমি আশা কৰিছো আমি এই লক্ষ্যত উপণীত হ’ব পাৰিম।” পোনাৱালাই লগতে কয়।

Related News