NORTHEAST NOW (Assamese)

টীয়কত কৃতী ছাত্র-ছাত্ৰীক পদ্মা বৰুৱা বঁটা প্ৰদান

August 12, 2021 12:30 pm · নিৰ্মলেন্দু পাঠক

নিজ মাতৃৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে চিকিৎসক ডা:সঞ্জীৱ বৰুৱাই প্ৰৱৰ্তন কৰা পদ্মা বৰুৱা বঁটা  আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ।

উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা টীয়কৰ সন্তান ডা:বৰুৱাই টীয়ক উচ্চ ইংৰাজী বিদ্যালয় আৰু টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতীত্বৰে উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰী সকলক আগবঢ়াই আহিছে এই বঁটা ।

এই বঁটাত এখন মানপত্ৰ সহ নগদ ধনৰ টোপোলা আগবঢ়াই চিকিৎসক গৰাকীয়ে ।

এই উপলক্ষ্যত টীয়ক হাইস্কুলত অনুষ্ঠিত এক অনুষ্ঠানত দীপ মিলি আৰু অঙ্কুৰজ্যোতি ভূঞাক আৰু টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত নেহা বেগম,ময়ূৰপংখী শইকীয়া আৰু নমিতা বাৰিকক এই বঁটা প্ৰদান কৰা হয় ।

তদুপৰি পূৰ্বে এই বঁটা প্ৰাপক কেইবাগৰাকী ছাত্ৰীক গ্ৰন্থ ক্ৰয়ৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে ।

এই অনুষ্ঠানত ডাঃ সঞ্জীৱ বৰুৱাৰ উপৰি চিকিৎসক ডাঃ ৰাধেশ্যাম গগৈ, টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক ঊজ জামান,বিদ্যালয় দুখনৰ প্ৰধান ক্ৰমে ৰূপাঞ্জলি হাজৰিকা আৰু ৰাজু কুমাৰ শইকীয়া উপস্থিত থাকে ।

Related News