DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিজিটেল ভাৰত! নগাঁও-মৰিগাঁৱৰ সীমামূৰীয়া অঞ্চলত টেলিকম কোম্পানীয়ে গ্ৰাহক দেখুৱাইছে সৰিয়হৰ ফুল

স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছ আৰু ৱৰ্ক ফৰ্ম হ’ম ব্যবস্থাত চৰম আহুকাল 

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
August 12, 2021 11:55 am
nogaa
190
VIEWS
Share on FacebookShare on Twitter

যি সময়ত দেশৰ প্রান্তে প্রান্তে ৰাষ্ট্রীয় তথা আন্তৰাষ্ট্রীয় টেলিকম কোম্পানীসমূহে উন্নত প্রযুক্তি কৌশল ব্যৱহাৰ কৰি সেৱা আগবঢ়াই আহিছে, সেই সময়তে দূৰসঞ্চাৰ সেৱা প্রদান কৰা চৰকাৰী কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেড (বি এছ এন এল) আৰু ৰিলায়েঞ্চ জিঅ’ৰ নিম্নমানৰ সেৱাই নগাঁও জিলাৰ পশ্চিমাঞ্চল আৰু মৰিগাঁও জিলাৰ উত্তৰ পূব অঞ্চলৰ গ্রাহকক  অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছে।

বহুদিনৰ পৰা এই অঞ্চল সমূহত ‘কল ড্রপ’ আৰু নিম্নমানৰ ইন্টাৰনেট সেৱাৰ বাবে গ্রাহক সকলে বিশেষ ভাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন হৈছে।

আনকি দিনটোৰ কোনোবা এটা সময় বি এছ এন এলৰ সেৱা কিছু সময়ৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ হৈ থকাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে।

উল্লেখ্য যে, নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বেবেজীয়া- জামুগুৰি,মাজগাওঁ,ন মাটি আদি অঞ্চলত আৰু মৰিগাঁও জিলাৰ উত্তৰ পূৱ অঞ্চলৰ বটদ্রৱা, ধনীয়াভেটি,আমলখি, কদমনি,বৰহিছা, সৰুহিছা,বাটমাৰী, ভোমোৰগুৰি,ভেটিয়নী, কহুৱাআটি,বৰছিলা, শিলপুখুৰী,বৰচলা, সৰুচলা,বেছামাৰী আদি অঞ্চলৰ গ্রাহক ৰাইজৰ অভিযোগ মতে এই টেলিকম কোম্পানী সমূহে মাহৰ অন্তৰে অন্তৰে বিল প্রেৰণ কৰে।

নিদিষ্ট সময়ত বা তাৰিখত বিল পৰিশোধ নকৰিলেই তৎক্ষণিক ভাবে সংযোগ কৰ্তন কৰে ।কিন্তু বিষয়া-কৰ্মচাৰীক দিনৰ পিছত দিন ধৰি অভিযোগ দিলেও সেৱাৰ মান উন্নত নকৰে। তাৰোপৰি যি সময়ত দেশৰ অন্যান্য প্ৰান্তৰ গ্ৰাহকে ফৰ জি, ফাইভ জি,ফাইবাৰ আদি হাই-স্পীড সেৱা লাভ কৰিছে সেই সময়ত নগাঁও-মৰিগাঁও জিলাৰ বৃহত্তৰ অঞ্চল সমূহত যেন এতিয়া প্রহসনতহে পৰিণত হৈছে।

টেলিকম কোম্পানীৰ এই নিম্নমানৰ সেৱাৰ বাবে বিভিন্ন চৰকাৰী-বেচৰকাৰী প্রতিষ্ঠান সমূ্হৰ বিশেষ ভাবে ক্ষতি হৈছে। বিশেষকৈ ক’ভিডৰ ভয়াৱহতাৰ বাবে চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন চৰকাৰী বেচৰকাৰী খণ্ডত কৰ্মৰত কৰ্মচাৰীয়ে ঘৰৰ পৰাই কামকাজ চলোৱা (ৱৰ্ক ফৰ্ম হম) ব্যৱস্থাত চৰম আহুকাল হোৱাৰ লগতে বিদ্যালয় বন্ধৰ বাবে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে যি অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছিল, সেয়া সম্ভৱপৰ হৈ উঠা নাই একমাত্ৰ বেয়া নেটৱৰ্কৰ বাবে।

সম্প্ৰতি বৃহত্তৰ অঞ্চলটোৰ সকলোৰে মুখে মুখে এটাই অভিযোগ এটাই ক্ষোভ “নেটৱৰ্ক বেয়া”।

শীঘ্রে অঞ্চলটোৰ টেলিকম কোম্পানী সমূহৰ মান উন্নত কৰি উন্নত মানৰ সেৱা আগবঢ়াবলৈ দাবী জনাইছে গ্রাহক ৰাইজ, ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী, কৰ্মচাৰী আৰু অনুষ্ঠান-প্রতিষ্ঠান সমূহে।

Recent News

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd