মহাভাৰতৰ চৰিত্ৰবোৰক তেওঁ সমগ্ৰ বিশ্বতে সজীৱ কৰি তুলিছিল। তেওঁৰ সুৰীয়া কণ্ঠই ছত্তীশগড়ৰ মাটি অতিক্ৰমি সমগ্ৰ বিশ্বৰ হৃদয় চুই গৈছিল। সেই কণ্ঠ চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিল। পদ্ম বিভূষণ বঁটা বিজয়ী পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাইৰ দেহাৱসান ঘটিছে।
দেওবাৰে ৰায়পুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। আজি কিছুদিন ধৰি তেওঁ বাৰ্ধক্যজনিত বেমাৰত ভুগি আছিল। শিল্পীগৰাকীৰ মৃত্যুৱে সাংস্কৃতিক মহলত শোকৰ ছাঁ পেলাইছে।
তিজান বাঈৰ মৃত্যু কেৱল এগৰাকী শিল্পীৰ মৃত্যু নহয়। বৰং ছত্তীশগড়ৰ সাংস্কৃতিক বিপ্লৱৰ এটা যুগৰো অৱসান। ৰাজ্যখনৰ বহু জনগোষ্ঠীক ৰাজহুৱাভাৱে নিজৰ কলা প্ৰদৰ্শন কৰিবলৈ তেওঁ উৎসাহিত কৰিছিল। ১৩ বছৰ বয়সত প্ৰথমবাৰৰ বাবে মঞ্চত গান গাইছিল তিজান বাঈয়ে।
সেই সময়ত মহিলাসকলে কেৱল ‘বেদমতী ৰীতি’ত বহিহে পাণ্ডৱনী গাইছিল। তিজান বাঈয়ে সেই যুগৰ সামাজিক নীতি-নিয়ম আৰু পিতৃতন্ত্ৰক প্ৰত্যাহ্বান জনাই ‘কাপালিকা ৰীতি’ বাছি লৈছিল। হাতত তনপুৰা লৈ মহাভাৰতৰ বিভিন্ন খণ্ড গাবলৈ আৰম্ভ কৰিছিল, যিটোৱে পিছলৈ ইতিহাস ৰচনা কৰে।
ছচিয়েল মিডিয়া এক্সত প্ৰধানমন্ত্ৰীয়ে পদ্মবিভূষণ বঁটা বিজয়ী শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি লিখিছে, ‘প্ৰখ্যাত পাণ্ডৱনী শিল্পী তিজান বাঈজীৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছো। অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে তেওঁ ছত্তীশগড়ৰ এই লোকশিল্পক সমগ্ৰ বিশ্বতে এক অনন্য পৰিচয় প্ৰদান কৰিছে। তেওঁৰ মৃত্যু শিল্প আৰু সংস্কৃতিৰ জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। এই দুখৰ মুহূৰ্তত তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।’
দুৰ্গ জিলাৰ গন্যাৰী গাঁৱত জন্মগ্ৰহণ কৰা তিজান বাঈয়ে লোকশিল্পলৈ এনে এক আন্তৰ্জাতিক স্বীকৃতি কঢ়িয়াই আনিছিল যিটো আগতে কোনেও কেতিয়াও কল্পনাই কৰা নাছিল। তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকে ধৰি বহু ৰাষ্ট্ৰৰ মুৰব্বীৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰিছে। কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁ ১৯৮৭ চনত পদ্মশ্ৰী, ২০০৩ চনত পদ্মভূষণ আৰু ২০১৯ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ বঁটা লাভ কৰে।





