NORTHEAST NOW (Assamese)

এইবাৰ মেক্সিক’ত গছপুলি ৰোপণ কৰিব ‘অৰণ্য মানৱ’ যাদৱ পায়েঙে

December 10, 2020 5:01 pm · এন ই নাও নিউজ
ফটো সৌজন্য: টুইটাৰ।

অসমৰ সু-সন্তান, ‘অৰণ্য মানৱ’ পদ্মশ্ৰী যাদৱ পায়েঙে মেক্সিক’ত পৰিৱেশ সম্পৰ্কীয় কামকাজত সহযোগিতা আগবঢ়াবলৈ এজটেকা (Azteca) ফাউণ্ডেশ্যনৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছে।

যোৱা ৭ ডিচেম্বৰত পায়েঙে উত্তৰ আমেৰিকাৰ দেশখনৰ সৈতে এই সহযোগিতাৰ চুক্তিত স্বাক্ষৰ কৰে।

সামাজিক দায়বদ্ধতাৰ লক্ষ্যৰে পৰিৱেশ সম্পৰ্কীয় কামত বিশেষকৈ মনোনিৱেশ কৰা  মেক্সিক’ৰ এটা এজটেকা ফাউণ্ডেশ্যন এটা স্বেচ্ছাসেৱী সংস্থা।

মেক্সিক’ৰ পুবেলা চহৰত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহোৎসৱ চিডিআইৰ সময়তে ছেলিনাছ গ্ৰুপৰ প্ৰাক্তন ছিনেটৰ ছেলিনাছ ছাদাৰ সৈতে চুক্তি স্বাক্ষৰিত হয়।

চুক্তি স্বাক্ষৰ কৰাৰ সময়ত উপস্থিত থাকে চিডিআইৰ প্ৰতিষ্ঠাপক তথা সামাজিক পৰিৱৰ্তন সম্পৰ্কীয় ইউনেস্ক’ৰ গুডউইল এম্বেছাদৰ ড০ এণ্ড্ৰেছ ৰ’ৱেমাৰ আৰু প্ৰকৃতিবিদ ৰিতুৰাজ ফুকন।

ভাৰতত থকা মেক্সিক’ৰ দূতাবাসে টুইটত লিখিছে,‘’মেক্সিক’ই  নিজ হাতেৰে ৪০ মিলিয়ন গছপুলি ৰোৱা ভাৰতৰ ব্যতিক্ৰমী পৰিৱেশকৰ্মী যাদৱ পায়েঙক আদৰিব পাই সন্মানিত হৈছে।

জীৱনৰ প্ৰায় ৩০বছৰ ধৰি  গছপুলি ৰোপন কৰি ৫৫০হেক্টৰ ভূমিত মূলাইবাৰী হাবি গঢ়ি তোলা যাদৱ পায়েঙক ‘অৰণ্য মানৱ’ হিচাপে পৰিচিত হৈ পৰিছে আৰু বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে।

২০১৫চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছে।

Related News