ভাৰতৰ তুলনাত পাকিস্তান-আফগানিস্তান ক’ৰ’না নিয়ন্ত্ৰণত সফল হৈছে : ৰাহুল গান্ধী

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতি সমূহৰ বিৰুদ্ধে সদাসৰৱ হৈ থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবাৰ ক’ৰ’না নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা নীতিক তীব্ৰ সমালোচনা কৰিছে।

ক’ভিড-১৯ নিয়ন্ত্ৰণত ভাৰত চৰকাৰ ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি ৰাহুলে কয়, ‘বিজেপি চৰকাৰে আৰু এটা বিশেষ উপলব্ধি লাভ কৰিছে। বৰ্তমান পাকিস্তান আৰু আফগানিস্তানে ক’ভিড-১৯ নিয়ন্ত্ৰণত ভাৰততকৈ ভাল প্ৰদৰ্শন কৰিছে’।

ৰাহুল গান্ধীয়ে জিডিপি সম্বন্ধীয় তথ্যৰে এটা টুইট কৰি চৰকাৰক সমালোচনা কৰা দেখা গৈছে।

তেওঁৰ টুইটত সংলগ্ন হৈ থকা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত ভাৰতৰ জিডিপি ঋণাত্মক ১০.৩০ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে।

ইয়াৰ বিপৰীতে পাকিস্তানৰ ঋণাত্মক ৫ শতাংশ আৰু আফগানিস্তানৰ ঋণাত্মক ৪.৬০ শতাংশ দেখুৱাইছে।

আনহাতে ভূটানৰ জিডিপি ০.৬০শতাংশ, নেপালৰ ২.৫০শতাংশ, বাংলাদেশৰ ৩.৮০শতাংশ, ম্যানমাৰৰ ২ শতাংশ আৰু চীনৰ ১.৯০ শতাংশ বৃদ্ধি পাব বুলি উল্লেখ আছে।

উল্লেখ্য যে বৰ্তমান ভাৰতত ক’ভিড আক্ৰান্তৰ মুঠ সংখ্যা ৭৩,৭০,৪৬৮। আনহাতে পাকিস্তানত ক’ভিড আক্ৰান্তৰ সংখ্যা ৩,২১,৮৭৭ আৰু আফগানিস্তানত ৪০,০২৬ জন।

মন কৰিবলগীয়া কথাটো হ’ল পাকিস্তান, আফগানিস্তানৰ তুলনাত ভাৰতৰ জনসংখ্যা বহু পৰিমানে বেছি।

ইয়াৰ উপৰি এই দুয়োখন দেশৰ তুলনাত ভাৰতত বহু বেছি টেষ্ট কৰা হৈছে যাৰ বাবে ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি বিশেষজ্ঞ সকলে মন্তব্য কৰিছে।

এই পৰ্যন্ত ভাৰতত ৯ কোটিৰো অধিক লোকৰ টেষ্ট কৰাৰ বিপৰীতে পাকিস্তানত ৪০ লাখ আৰু আফগানিস্তানত ১,১৫,৯৬২ গৰাকী লোকক টেষ্ট কৰিছে।