অৱশেষত পাকিস্তানত শ্ৰীকৃষ্ণৰ বিশাল মন্দিৰ নিৰ্মাণত অনুমতি দিলে ইমৰাণ খান চৰকাৰে
অৱশেষত পাকিস্তানৰ ইমৰাণ খানৰ চৰকাৰে ইছলামাবাদত হিন্দু মন্দিৰ নিৰ্মামৰ অনুমতি প্ৰদান কৰিছে। প্ৰায় ছয়মাহ পূৰ্বে শ্ৰীকৃষ্ণৰ সেই মন্দিৰৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছিল।
সোমবাৰে পাকিস্তানৰ ৰাজধানী উন্নয়ন কৰ্তৃপক্ষই জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে কেবল মন্দিৰেই নহয়, সেই মন্দিৰক কেন্দ্ৰ কৰি থকা শ্মশানৰ চাৰিওপিনে ৭ ফুট ওখ দেৱাল নিৰ্মাণৰো অনুমতি দিয়া হৈছে।
যোৱা জুলাই মাহত ইছলামাবাদৰ এই মন্দিৰটোৰ নিৰ্মাণ বন্ধ কৰিবলৈ ইমৰাণ খান চৰকাৰক ভাবুকি দিয়া হৈছিল।
দেশখনৰ ৰাজধানী উন্নয়ন কৰ্তৃপক্ষই কৌশলগতভাৱে আইনী জটিলতাৰ দোহাই দি মন্দিৰ তথা শ্মশানৰ বাবে নিৰ্দ্ধাৰিত মাটিৰ চাৰিওপিনে দেৱাল নিৰ্মাণৰ কাম বন্ধ কৰি দিছিল।
পাকিস্তানৰ ধৰ্ম বিষয়ক বিভাগৰ মন্ত্ৰী নুৰুল হক কাদৰীয়ে এই সন্দৰ্ভত পৰামৰ্শৰ বাবে পাকিস্তানৰ কাউন্সিল অফ ইছলামিক ইডিঅ’লজি বা চিআইআইলৈ বিষয়টো প্ৰেৰণ কৰিছিল।
যোৱা অক্টোবৰ মাহত চিআইআইয়ে জনাইছিল যে ইছলামাবাদ বা পাকিস্তানৰ কোনো স্থানত মন্দিৰ নিৰ্মাণত কোনো সাংবিধানিত তথা শ্বৰিয়তৰ বাধা নাই। পৰিষদৰ সকলো সদস্যি এই বিষয়ত একমত আছিল।
উক্ত মন্দিৰ তথা শ্মশান নিৰ্মাণৰ বাবে ইমৰাণ খান চৰকাৰক ১০০ কোটি টকাৰ পুঁজি দিয়াৰ বাবেও চিআইআইয়ে অনুমোদন দিছে।
বাতৰি অনুসৰি, শ্ৰীকৃষ্ণৰ এই মন্দিৰটো ২০,০০০ বৰ্গফুট ভূমিৰ ওপৰত নিৰ্মাণ কৰা হ’ব।