আজি নিৰ্ণয় হ’ব ইমৰান খানৰ প্ৰধানমন্ত্ৰী আসনৰ ভৱিষ্যত: সমৰ্থকক শান্তিপূৰ্ণ প্ৰতিবাদৰ আহ্বান

No-trust motion against Imran Khan

দীৰ্ঘদিনীয়া ৰাজনৈতিক অস্থিৰতাৰ ফলস্বৰূপে ক্ষমতাচ্যুত হোৱাৰ পূৰ্ণ সম্ভাৱনা গা কৰি উঠা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আজি নেচনেল এচেম্বলীত অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’বলৈ সাজু হৈছে।

ইতিমধ্যে ইমৰান খান চৰকাৰৰ অন্যতম মিত্ৰশক্তিয়ে সংগ ত্যাগ কৰাৰ পিছত ইমৰান খান নেতৃত্বাধীন চৰকাৰৰ খনৰ পতন নিশ্চিত হৈছে। তাৰ পিছতো অৱশ্যে আশা এৰা নাই প্ৰধানমন্ত্ৰী ইমৰান খানে। ইমৰান খানে দাবী কৰিছে যে আজি অনুষ্ঠিত হ’বলগীয়া অনাস্থা ভোটৰ বাবে তেওঁৰ ওচৰত একাধিক পৰিকল্পনা আছে।

শনিবাৰে এক বিবৃতিৰ ইমৰান খানে কয়, “একেবাৰে চিন্তা নকৰিব। এজন অধিনায়কৰ সদায়ে এটা পৰিকল্পনা থাকে। মোৰ ওচৰত একাধিক পৰিকল্পনা আছে। ঈশ্বৰে ইচ্ছা কৰিলে, আমি কাইলৈ জিকিম। মই তেওঁলোকক বিধানসভাত পৰাজিত কৰিম।”

চলিত সপ্তাহৰ আৰম্ভণিতে ইমৰান খান চৰকাৰৰ মুখ্য সহযোগী মুত্তাহিদা কৌমি মুভমেণ্ট-পাকিস্তান (এমকিউএমপি)য়ে বিৰোধীপক্ষক সমৰ্থন আগবঢ়োৱাৰ পিছত সংসদৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল।

পাকিস্তানী নেচনেল এচেম্বলীৰ মুঠ সদস্যৰ সংখ্যা ৩৪২ জন। আনহাতে সংখ্যাগৰিষ্ঠতা লাভৰ বাবে প্ৰয়োজনীয় সংখ্যা ১৭২। ইমৰান খান চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ সফল হোৱাৰ বাবে বিৰোধীয়ে প্ৰয়োজনীয় সংখ্যা লাভ কৰিছে বুলি দাবী কৰিছে।

পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্মুখীন হোৱা এনে অস্থিৰতাক বিদেশী ষড়যন্ত্ৰ আখ্যা দিছে। এই ষড়যন্ত্ৰত পাকিস্তানৰ কিছুমান ৰাজনীতিবিদে সহায় কৰি আছে বুলি অভিযোগ কৰিছে খানে।

ইমৰান খানে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ৰচনা কৰা এই বিদেশী ষড়যন্ত্ৰক প্ৰতিহত কৰিবলৈ পাকিস্তানৰ যুৱক-যুৱতীসকলক শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

তেওঁ কয়, “এই মুহূৰ্তত চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে আৰু প্ৰমাণিত হৈছে যে ৰাজনীতিবিদসকলক চৰকাৰ খন উৎখাত কৰিবলৈ ছাগলীৰ দৰে ক্ৰয় কৰা হৈছে।”

“চৰকাৰী দস্তাবেজত কোৱা হৈছে যে যদি পাকিস্তানে ইমৰান খানক আঁতৰ কৰে, আমেৰিকাৰ সৈতে পাকিস্তানৰ সম্পৰ্ক উন্নত হ’ব।” তেওঁ কয়।

“মই বিচাৰো যে আপোনালোক আজি আৰু কাইলৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰক। শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে ওলাই আহক।” ইমৰান খানে শনিবাৰে কয়।

আনহাতে প্ৰতিবাদকাৰীসকলক পাকিস্তান সেনাক সমালোচনা নকৰিবলৈও তেওঁ আহ্বান জনায়। পাকিস্তান সেনাৰ সৈতে তেওঁৰ বিবাদৰ অভিযোগো খাৰিজ কৰে খানে।

তেওঁ কয়, “সেনাৰ সৈতে মোৰ কোনো বিভেদ নাই। সেনাই নিৰপেক্ষ হৈ থকাৰ সিদ্ধান্ত লৈছিল আৰু আমি এই সিদ্ধান্তক সন্মান কৰোঁ।”

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইমৰান খানে কয় যে পাকিস্তান সামৰিক বাহিনীয়ে তেওঁক তিনিটা বিকল্প দিছিল – অনাস্থা ভোট, আগতীয়া নিৰ্বাচন বা প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ।

ইমৰান খানে কয়, “মই বিশ্বাস কৰোঁ আগতীয়া নিৰ্বাচন হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প। মই কেতিয়াও পদত্যাগ কৰাৰ কথা বা অনাস্থা ভোটৰ কথা ভাবিব নোৱাৰো। মই বিশ্বাস কৰোঁ যে মই শেষ মুহূৰ্তলৈকে যুঁজ দিম।”