Under 19 Asia Cup: শ্বাসৰুদ্ধকৰ মেচত ভাৰতক ২ উইকেটত পৰাস্ত কৰিলে পাকিস্তানে

India-Pakistan under 19 Asia Cup

Pakistan beat India এছিয়া কাপৰ অনুৰ্দ্ধ-১৯ৰ এখন শ্বাসৰুদ্ধকাৰী মেচত শনিবাৰে পাকিস্তানে ভাৰতক ২ উইকেটত পৰাস্ত কৰে।

ডুবাইৰ আইচিচি একাডেমীৰ খেলপথাৰত প্ৰথমতে বেটিং কৰি ভাৰতে ৪৯ অভাৰত ২৩৭ ৰাণ কৰি অলআউট হয়।

প্ৰত্যুত্তৰত পাকিস্তানে ৮টা উইকেট হেৰুৱাই ইনিংছৰ অন্তিম অভাৰৰ অন্তিমটো বলত বাউণ্ডাৰি মাৰি বিজয় সাৱ্যস্ত কৰে।

ভাৰতে বেটিং আৰম্ভ কৰিয়েই বিপৰ্যয়ৰ সন্মুখীন হয়। অ’পেনাৰ হাৰ্নুৰ সিঙ, আৰাধ্য যাদৱ আৰু কৌশল তাম্বেক বাদ দি বাকীসকলে ক্ৰীজত তিষ্ঠিবই নোৱাৰিলে।

Also Read: ম্যানমাৰত নাৰী-শিশুসহ কমেও ৩০ জনক হত্যা; জ্বলাই দিয়া হ’ল মৃতদেহ

ভাৰতে ১০০ৰাণতে পাঁচটি উইকেট হেৰুৱায়। হাৰ্নুৰ সিঙে ৪৬ৰাণ কৰাৰ উপৰি আৰাধ্য যাদৱ আৰু কৌশল তাম্বেই ভাৰতক এক সন্তোষজনক স্থিতিত উপনীত কৰোৱায়। আৰাধ্যই অৰ্দ্ধ শতৰাণ কৰে।

ইপিনে, পাকিস্তানে ২৩৮ৰাণৰ বিজয় লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ নামিয়েই আব্দুল বংগালজাই আউট হয়। তাৰপাছত পাকিস্তানৰ ইনিংছ আগবঢ়াই নিয়ে মাজ ছাদাকত আৰু মহম্মদ শ্বেহজাদে।

এটা মূৰত শ্বেহজাদে ইনিংছ ধৰি ৰখাৰ বিপৰীতে বাকী বেটাৰসকলে বিশেষ অৱদান আগবঢ়াব নোৱাৰিলে। ইৰফান খানে ৩৩ আৰু ৰিজৱান মাহমুদে ২৯ ৰাণ কৰে। শ্বেহজাদে ৮২ৰাণ কৰি আউট হয়।

Also Read:হতাশগ্ৰস্ত গুৱাহাটী! ভয়ংকৰ তথ্য, মহানগৰীত চলিত বৰ্ষত ৩৭৩টা আত্মহত্যাৰ ঘটনা

ভাৰতক পৰাস্ত কৰিবলৈ অন্তিম অ’ভাৰত পাকিস্তানক ৮ৰাণৰ প্ৰয়োজন হৈছিল। ৰবি কুমাৰৰ অভাৰৰ প্ৰথমটো বলতেই আউট হয় জিছান জামিৰ। ইয়াৰ পাছৰ চাৰিটা বলত ৬ৰাণ আহে।

অ’ভাৰৰ অন্তিমটো বলত পাকিস্তানক প্ৰয়োজন হৈছিল ২ ৰাণৰ। আহমেদ খানে বাউণ্ডেৰী মাৰি মেচখন পাকিস্তানৰ হাতলৈ নিয়ে। আহমেদ খানে ১৯টা বলত ২৯ৰাণৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ ৰয়।