দুৰ্বল আয়াৰলেণ্ডৰ বিৰুদ্ধেও কষ্টকৰ জয়! টী-২০ বিশ্বকাপৰ অভিযান সামৰিলে পাকিস্তানে

এইবাৰৰ টী-২০ বিশ্বকাপত পাকিস্তান দলটোৰ বিষয়ে এই কথা সহজেই ক’ব পাৰি যে দলটোৰ মাজত সংহতিৰ একেবাৰে অভাৱ আছিল। বাবৰ আজমৰ দলটোৱে চলিত টী-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাটো ইতিমধ্যে নিশ্চিত হৈছিল। দেওবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা নিয়মৰক্ষাৰ মেচতো পৰাজয়ৰ আশংকাই খেদি ফুৰে পাকিস্তান দলটোক।

কেনেবাকৈ পাকিস্তানে ৩ উইকেটত জয়লাভ কৰে। মাত্ৰ ১০৭ ৰানৰ লক্ষ্য খেদি বাবৰ বাহিনীৰ ঘাম ওলাই গ’ল। ৪খন মেচ খেলি পাকিস্তানে ৪ পইণ্ট লাভ কৰি গ্ৰুপ এ-ত ৩য় স্থান দখল কৰে। ৪খন মেচ খেলাৰ পিছত আয়াৰলেণ্ডে ১ পইণ্টেৰে ৫ম স্থান লাভ কৰে। আয়াৰলেণ্ডেই একমাত্ৰ এই গ্ৰুপত কোনো জয় নাপালে।

দুৰ্বল আয়াৰলেণ্ডৰ বিৰুদ্ধেও পাকিস্তানৰ কোনো বেটছমেনে অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলে। দেওবাৰৰ দিনটোত অধিনায়ক বাবৰে অপেনিং কৰা নাছিল। তেওঁ ৩ নম্বৰত বেটিং কৰি ৩৪টা বলত ৩২ ৰান কৰি অপৰাজিত হৈ থাকে।

ফটো সৌজন্যঃ আইচিচি।

অ’পেনাৰ মহম্মদ ৰিজৱানে ১৭ ৰান সংগ্ৰহ কৰে। আনজন অ’পেনাৰ ছায়েম আয়ুবেও ১৭ ৰান সংগ্ৰহ কৰে। ফকৰ জামান (৫), উছমান খান (২), ছাদাব খান (০), ইমাদ ৱাছিম ​​(৪) ভাল বেটিং কৰিব নোৱাৰিলে। আব্বাছ আফ্ৰিদীয়ে ১৭ ৰান সংগ্ৰহ কৰে। ৫টা বলত ১৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে শ্বাহীন শ্বাহ আফ্ৰিদি।

এই মেচখনত আয়াৰলেণ্ডে ৩২ ৰানত ৬টা উইকেট হেৰুৱাইছিল। তাৰ পিছত গেৰেথ ডেলানীয়ে অলপ যুঁজ দিয়ে। তেওঁ ১৯টা বলত ৩১ ৰান সংগ্ৰহ কৰে। মাৰ্ক আডাইৰে ১৫ ৰান সংগ্ৰহ কৰে। ১৮টা বলত ২২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে জোছুয়া লিটলে। ফলত আয়াৰলেণ্ডে ৯ উইকেটত ১০৬ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ আইচিচি।

পাকিস্তানৰ হৈ শ্বাহীন আৰু ইমাদে ৩টাকৈ উইকেট দখল কৰে। মহম্মদ আমিৰে দুটা উইকেট দখল কৰে। হেৰিছ ৰাউফে ১ টা উইকেট পায়।