• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসাৰ হ’ল ট্ৰাম্পৰ ভাবুকি! ইৰাণৰ সৈতে ১২খন কৈ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিলে পাকিস্তানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 7:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানে আমেৰিকাৰ শত্ৰু দেশ ইৰাণৰ সৈতে ১২ খন কৈ বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰি দ্বিপাক্ষিক বাণিজ্য ৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। পাকিস্তানৰ এই পদক্ষেপে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে বাণিজ্য বৃদ্ধি কৰা দেশসমূহক প্ৰদান কৰা ভাবুকিক আসাৰ প্ৰতিপন্ন কৰিলে।

প্ৰাপ্ত তথ্য অনুসৰি ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ পাকিস্তান ভ্ৰমণৰ সময়ত দেওবাৰে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ বৰ্তমানৰ ৩ বিলিয়ন ডলাৰৰ পৰা ১০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ১২খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। পাকিস্তানৰ বাণিজ্য মন্ত্ৰী জাম কমল খান আৰু ইৰাণৰ উদ্যোগ, খনি আৰু বাণিজ্য মন্ত্ৰী মহম্মদ আতাবাকৰ উপস্থিতিত এই চুক্তিসমূহ সম্পন্ন হয়।

 ইৰাণৰ ৰাষ্ট্ৰপতিয়ে সংবাদমেলত সম্বোধন কৰি কয় যে, “অতি কম সময়ৰ ভিতৰতে আমি দুয়োখন দেশৰ বাণিজ্য ১০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব পাৰিম। তেওঁ ইজৰাইলৰ সৈতে ১২ দিনীয়া যুদ্ধৰ সময়ত পাকিস্তানৰ সমৰ্থনৰ বাবেও ধন্যবাদ জনায়। পাকিস্তানৰ বাণিজ্য মন্ত্ৰীয়ে কয় যে এই চুক্তিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে আগন্তুক বছৰত বাণিজ্য ৮ বিলিয়ন ডলাৰ অতিক্ৰম কৰিব। তেওঁ আশাবাদী যে দুয়োখন দেশৰ দীঘলীয়া সীমান্তই বাণিজ্যত সময় আৰু খৰচত ৰাহি কৰিব।

উল্লেখ্য যে এই পদক্ষেপ আমেৰিকাৰ সৈতে পাকিস্তানৰ সম্পৰ্কত নতুন জটিলতাৰ সৃষ্টি কৰিব পাৰে। ট্ৰাম্পে পূৰ্বে ৰাছিয়া, চীন আৰু ইৰাণৰ সৈতে বাণিজ্য বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী জাৰি কৰিছিল। শেহতীয়াকৈ আমেৰিকাই পাকিস্তানৰ সৈতে বাণিজ্য চুক্তি স্বাক্ষৰ কৰি শুল্ক কমোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ইৰাণৰ সৈতে পাকিস্তানৰ এই নতুন চুক্তিয়ে ট্ৰাম্পৰ প্ৰতিক্ৰিয়া কি হ’ব এইলৈ কৌতূহলৰ সৃষ্টি হৈছে।

পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই চুক্তিসমূহে খনিজ সম্পদ, তথ্যপ্ৰযুক্তি আৰু অন্যান্য খণ্ডত সহযোগিতাৰ নতুন দিশ মুকলি কৰিব। ইৰাণৰ মন্ত্ৰী মহম্মদ আতাবাকে কয়, “দুয়োখন দেশৰ ব্যৱসায়ীসকলৰ মাজত পাৰস্পৰিক বিশ্বাসে অৰ্থনৈতিক সহযোগিতাৰ পথ মুকলি কৰিব।”

ইফালে ইৰাণৰ সৈতে ভাৰতৰো দীৰ্ঘদিনীয়া সম্পৰ্ক আছে, বিশেষকৈ চাবাহাৰ বন্দৰৰ দৰে প্ৰকল্পত বিনিয়োগৰ জৰিয়তে ইৰাণৰ লগত সৌহাদ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে। উল্লেখণীয় যে ১৯৫০ চনৰ ‘ভাৰত-ইৰাণ বন্ধুত্ব সন্ধি’ৰ পৰা এই সম্পৰ্কৰ ভেটি গঢ় লৈ উঠিছে। অৱশ্যে ইৰাণ-ইজৰাইল সংঘাতত ভাৰতে প্ৰতক্ষ্য সমৰৰ্থনৰ পৰিৱৰ্তে  নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছিল, আৰু জুলাইত ব্ৰিকছ শীৰ্ষ সন্মিলনত ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ নিন্দা কৰিছিল ভাৰতে। পাকিস্তানৰ এই পদক্ষেপে কূটনৈতিক ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd