• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসাৰ হ’ল ট্ৰাম্পৰ ভাবুকি! ইৰাণৰ সৈতে ১২খন কৈ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিলে পাকিস্তানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 7:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানে আমেৰিকাৰ শত্ৰু দেশ ইৰাণৰ সৈতে ১২ খন কৈ বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰি দ্বিপাক্ষিক বাণিজ্য ৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। পাকিস্তানৰ এই পদক্ষেপে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে বাণিজ্য বৃদ্ধি কৰা দেশসমূহক প্ৰদান কৰা ভাবুকিক আসাৰ প্ৰতিপন্ন কৰিলে।

প্ৰাপ্ত তথ্য অনুসৰি ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ পাকিস্তান ভ্ৰমণৰ সময়ত দেওবাৰে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ বৰ্তমানৰ ৩ বিলিয়ন ডলাৰৰ পৰা ১০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ১২খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। পাকিস্তানৰ বাণিজ্য মন্ত্ৰী জাম কমল খান আৰু ইৰাণৰ উদ্যোগ, খনি আৰু বাণিজ্য মন্ত্ৰী মহম্মদ আতাবাকৰ উপস্থিতিত এই চুক্তিসমূহ সম্পন্ন হয়।

Apply Now

 ইৰাণৰ ৰাষ্ট্ৰপতিয়ে সংবাদমেলত সম্বোধন কৰি কয় যে, “অতি কম সময়ৰ ভিতৰতে আমি দুয়োখন দেশৰ বাণিজ্য ১০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব পাৰিম। তেওঁ ইজৰাইলৰ সৈতে ১২ দিনীয়া যুদ্ধৰ সময়ত পাকিস্তানৰ সমৰ্থনৰ বাবেও ধন্যবাদ জনায়। পাকিস্তানৰ বাণিজ্য মন্ত্ৰীয়ে কয় যে এই চুক্তিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে আগন্তুক বছৰত বাণিজ্য ৮ বিলিয়ন ডলাৰ অতিক্ৰম কৰিব। তেওঁ আশাবাদী যে দুয়োখন দেশৰ দীঘলীয়া সীমান্তই বাণিজ্যত সময় আৰু খৰচত ৰাহি কৰিব।

উল্লেখ্য যে এই পদক্ষেপ আমেৰিকাৰ সৈতে পাকিস্তানৰ সম্পৰ্কত নতুন জটিলতাৰ সৃষ্টি কৰিব পাৰে। ট্ৰাম্পে পূৰ্বে ৰাছিয়া, চীন আৰু ইৰাণৰ সৈতে বাণিজ্য বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী জাৰি কৰিছিল। শেহতীয়াকৈ আমেৰিকাই পাকিস্তানৰ সৈতে বাণিজ্য চুক্তি স্বাক্ষৰ কৰি শুল্ক কমোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ইৰাণৰ সৈতে পাকিস্তানৰ এই নতুন চুক্তিয়ে ট্ৰাম্পৰ প্ৰতিক্ৰিয়া কি হ’ব এইলৈ কৌতূহলৰ সৃষ্টি হৈছে।

পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই চুক্তিসমূহে খনিজ সম্পদ, তথ্যপ্ৰযুক্তি আৰু অন্যান্য খণ্ডত সহযোগিতাৰ নতুন দিশ মুকলি কৰিব। ইৰাণৰ মন্ত্ৰী মহম্মদ আতাবাকে কয়, “দুয়োখন দেশৰ ব্যৱসায়ীসকলৰ মাজত পাৰস্পৰিক বিশ্বাসে অৰ্থনৈতিক সহযোগিতাৰ পথ মুকলি কৰিব।”

ইফালে ইৰাণৰ সৈতে ভাৰতৰো দীৰ্ঘদিনীয়া সম্পৰ্ক আছে, বিশেষকৈ চাবাহাৰ বন্দৰৰ দৰে প্ৰকল্পত বিনিয়োগৰ জৰিয়তে ইৰাণৰ লগত সৌহাদ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে। উল্লেখণীয় যে ১৯৫০ চনৰ ‘ভাৰত-ইৰাণ বন্ধুত্ব সন্ধি’ৰ পৰা এই সম্পৰ্কৰ ভেটি গঢ় লৈ উঠিছে। অৱশ্যে ইৰাণ-ইজৰাইল সংঘাতত ভাৰতে প্ৰতক্ষ্য সমৰৰ্থনৰ পৰিৱৰ্তে  নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছিল, আৰু জুলাইত ব্ৰিকছ শীৰ্ষ সন্মিলনত ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ নিন্দা কৰিছিল ভাৰতে। পাকিস্তানৰ এই পদক্ষেপে কূটনৈতিক ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd