নিৰপেক্ষ নহয় পাকিস্তানঃ বিশ্বৰ চকুত ধূলি দি গোপনে অস্ত্ৰ যোগান ধৰিছে ইউক্ৰেইনক!

armenia-azerbaijan-war

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধকলৈ তৃতীয় বিশ্ব যুদ্ধৰ সূচনা হোৱাৰ আশংকা ঘনীভূত হোৱাৰ সময়তে আমেৰিকাকে ধৰি বিশ্বৰ বহু দেশে ইউক্ৰেইনক অস্ত্ৰ সৰবৰাহ কৰি আহিছে।

তেনে দেশসমূহৰ ভিতৰত পাকিস্তানো এখন। যুদ্ধৰ গইনালৈ পাকিস্তানে অস্ত্ৰ যোগান ধৰি লাভ অৰ্জন কৰিবলৈহে চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

‘জিঅ’-পলিটিক’ নামৰ এটা সংগঠনে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বিষয়ে এখন প্ৰতিবেদন প্ৰকাশ কৰিছে।  পাকিস্তানে  আন দেশৰ অস্ত্ৰ নিৰ্মাতা বা যোগানকৰ্তাৰ জৰিয়তে ইউক্ৰেইনক অস্ত্ৰ বিক্ৰী কৰি আছে। বিশেষকৈ যুদ্ধক্ষেত্ৰত ৰাছিয়ান বাহিনীৰ বিৰুদ্ধে ১২২ মিমি হাউটজাৰ অস্ত্ৰ পাকিস্তানত ইউক্ৰেইনৰ সেনাই নিৰ্মাণ কৰিছে।

 ইউক্ৰেইনৰ অস্ত্ৰ নিৰ্মাতা সংস্থা উকাৰাব্ৰানপ্ৰমৰ সৈতে পাকিস্তানে ৮৬.৫ নিযুত ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছে বুলি জানিব পৰা গৈছে। এই চুক্তি অনুসৰি ইউক্ৰেইনত নিৰ্মাণ কৰা পাকিস্তানী সেনাৰ টি-80ইউডি টেংকসমূহৰ আধুনিকীকৰণ কৰা হ’ব।

জিঅ’-পলিটিকৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে পাকিস্তানৰ অস্ত্ৰ সৰবৰাহকাৰী এম/এছ ডিএমআই এছ’চিয়েটছৰ বুলগেৰিয়াৰ ‘মেচাৰ্ছ ডিফেন্স ইণ্ডাষ্ট্ৰী গ্ৰুপ’ৰ সৈতে সম্পৰ্ক আছে।

ইছলামাবাদে বুলগেৰিয়ান কোম্পানীৰ জৰিয়তে ইউক্ৰেইনলৈ অস্ত্ৰ প্ৰেৰণ কৰিছে। এনেদৰে শ্বাহবাজ শ্বৰীফ চৰকাৰে কেইবাটাও বিদেশী কোম্পানী আৰু ব্যৱসায়ীৰ জৰিয়তে কিয়েভক অস্ত্ৰ প্ৰদান কৰি আহিছে বুলি প্ৰতিবেদন খনত স্পষ্টভাবে কোৱা হৈছে।