গুলীবিদ্ধ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান; চিকিৎসাৰ বাবে লাহোৰলৈ নিয়া হৈছে আহত খানক

Pakistan Ex-PM Imran Khan shot at a Rally পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান গুলীবিদ্ধ হৈছে। পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইমৰান খানে তেওঁৰ সমৰ্থকসকলক ৱাজিৰাবাদ জিলাৰ গুৰজানৱালাৰ আলৱালা চকত এখন এছইউভিত থাকি লং মাৰ্চত যোগদান কৰিবলৈ আহ্বান জনাইছিল। সেই সময়তে এজন ব্যক্তিয়ে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।

আক্ৰমণকাৰীজনক ঘটনাস্থলীতে গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ নেতা ফাৱাদ চৌধুৰীয়ে কয় যে আহত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক চিকিৎসাৰ বাবে লাহোৰলৈ নিয়া হৈছে। ইমৰান খান সোঁভৰিত গুলীবিদ্ধ হৈ আহত হৈছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে শুকুৰবাৰে লাহোৰৰ পৰা ইছলামাবাদলৈ পাকিস্তানত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত দীঘলীয়া পদযাত্ৰাৰ আহ্বান জনাইছে। খানে সকলো দলৰ নেতা, কৰ্মী আৰু সমৰ্থকসকলক লাহোৰৰ লিৰ্বাটি চকত একত্ৰিত হ’বলৈ আহ্বান জনাইছিল। সিদ্ধান্ত লোৱা হৈছিল যে তাৰ পৰা তেওঁলোক সকলোৱে প্ৰায় ৪০০ কিলোমিটাৰ খোজ কাঢ়ি ইছলামাবাদলৈ যাব।

ইয়াৰ পূৰ্বে ইমৰান খানে ৱাজিৰাবাদত দলীয় সমৰ্থকৰ এক সমদলত অংশ গ্ৰহণ কৰিছিল। তাতেই গুলীচালনাৰ এই ঘটনাত গুলীবিদ্ধ হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

ইয়াৰ পূৰ্বে পাকিস্তানৰ বহু নেতাক ৰাজহুৱা সভাত আক্ৰমণ কৰা হৈছিল। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী লিয়াকৎ আলী খানক এখন ৰাজহুৱা সভাত গুলীয়াই হত্যা কৰা হয়। ২০০৭ চনৰ ২৭ জানুৱাৰীত এজন ১৫ বছৰীয়া আত্মঘাতী বোমাৰুৱে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টোক হত্যা কৰিছিল।