NORTHEAST NOW (Assamese)

বেলুচ বিদ্ৰোহীৰ যুদ্ধ ঘোষণা! পাকিস্তানতে বিস্ফোৰণ ঘটাই ধ্বংস কৰিলে দেশখনৰ জনক জিন্নাৰ প্ৰতিমূৰ্তি

September 28, 2021 1:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 28, 2021 2:17 pm

পাকিস্তানৰ মাটিতে বিস্ফোৰণেৰে দেশখনৰ জনক মহম্মদ আলী জিন্নাৰ প্ৰতিমূৰ্তি ধ্বংস কৰিলে বেলুচ বিদ্ৰোহীয়ে।

দেওবাৰে বেলুচিস্তানৰ বন্দৰ চহৰ গদৰত বিস্ফোৰণ ঘটাই চুচুৰ্মৈ কৰি পেলায় জিন্নাৰ বিশালাকাৰ প্ৰতিমূৰ্তি।

বেলুচ লিবাৰে

শ্যন ফ্ৰন্ট নামৰ বেলুচ বিদ্ৰোহী সংগঠনটোৱে এই কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে।

বাতৰি অনুসৰি, চলিত বছৰৰ আৰম্ভণিতে বেলুচিস্তানৰ এটা স্থানত প্ৰশাসনে জিন্নাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিল।

সেই প্ৰতিমূৰ্তিটোৰ তলত বিস্ফোৰক পুতি ৰাখি বেলুচ বিদ্ৰোহীয়ে তাৰ বিস্ফোৰণ ঘটাই জিন্নাৰ সেই প্ৰতিমূৰ্তি একপ্ৰকাৰ ধুলিৰ লগত মিহলাই দিয়ে।

Latest News: অসমৰ উপ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ অক্টোবৰত ৰাজ্যৰ ৫টা সমষ্টিৰ বাবে হ’ব ভোটগ্ৰহণ

বহুদিন ধৰি পাকিস্তানৰ দখলত থকা বেলুচিস্তানক স্বাধীন কৰাৰ বাবে সংগঠনটোৱে চেষ্টা চলাই আহিছে।

প্ৰশাসনে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু পাকিস্তানৰ সেনা বাহিনীয়ে বিদ্ৰোহীসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

পাকিস্তানৰ মাটিতে দেশখনৰ জনক জিন্নাৰ প্ৰতিমূৰ্তি এইদৰে ভাঙি পেলোৱাৰ ঘটনাত স্বাভাৱিকতে গা-লৰিছে ইছলামাবাদৰ।

বেলুচ লিবাৰেশ্যন ফ্ৰন্ট নামৰ সংগঠনটোৱে বহুদিন ধৰি স্বাধীন বেলুচিস্তানৰ দাবীত যুঁজ চলাই আহিছে।

আনহাতে, পাকিস্তানী সেনাই নিৰীহ বেলুচবাসীৰ ওপৰত নৃশংস নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

Related News