বন্দুকধাৰীয়ে জম্মু-কাশ্মীৰৰ পেহলগাম আক্ৰমণ কৰাৰ দুসপ্তাহৰ পাছত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰৰ কমেও ৯টা স্থানত নিশাৰ ভাগত আক্ৰমণ চলায়। বুধবাৰে মাজনিশা এই আক্ৰমণত ভাৰতীয় সেনাই মাত্ৰ ২৫ মিনিটতে পাকিস্তানলৈ কমেও ২৪টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। পাকিস্তানত এই আক্ৰমণত কমেও ৭০ জন লোক নিহত হোৱা বুলি দাবী কৰিছে ভাৰতে। অৱশ্যে ভাৰতীয় সেনাৰ আক্ৰমণত ২৬ জন লোক নিহত হোৱা বুলি পাকিস্তানী সেনাই প্ৰকাশ কৰিছে।
ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে বুধবাৰে দিল্লীত এখন সংবাদমেলত পাকিস্তানত সংঘটিত আক্ৰমণ সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে। তেওঁ কয় যে বুধবাৰে (৭ মে’) পুৱা ১:০৫ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত পাকিস্তানৰ ভূখণ্ডত আক্ৰমণ সংঘটিত হয়। ভাৰতীয় সেনা, নৌসেনা, আৰু বায়ুসেনাই যৌথভাৱে ‘অপাৰেচন সেন্দুৰ’ নামৰ এই অভিযান চলাইছিল। ভাৰতীয় সেনা বাহিনীয়ে ২৫ মিনিটত ৯টা লক্ষ্যত ২৪টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে।
সংবাদমেলত বিক্ৰম মিশ্ৰীৰ সৈতে সেনা বিষয়া কৰ্ণেল ছ’ফিয়া কুৰেশ্বি আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ ভয়োমিকা সিং উপস্থিত থাকে। মিশ্ৰীয়ে কয় যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানত এই আক্ৰমণ সংঘটিত হৈছে। পেহেলগামত সংঘটিত এই আক্ৰমণত ২৫ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিক নিহত হয়।
কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে কয় যে এই অভিযানে আমাৰ কৌশলৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে। যোৱা তিনিটা দশক ধৰি ইছলামবাদে পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰত সন্ত্ৰাসবাদী নিযুক্তি কেন্দ্ৰ, প্ৰশিক্ষণ মণ্ডল, পেডকে ধৰি আন্তঃগাঁথনি নিৰ্মাণ কৰি আহিছে। এই অভিযানৰ লক্ষ্য হৈছে সেইসমূহ ভাঙি পেলোৱা আৰু ভৱিষ্যতৰ আক্ৰমণ প্ৰতিৰোধ কৰা।
বিক্ৰম মিশ্ৰীয়ে কয় যে আমাৰ হাতত চোৰাংচোৱা তথ্য আছে যে ভাৰতৰ বিৰুদ্ধে আৰু অধিক আক্ৰমণৰ সম্ভাৱনা আছে। সেইবাবেই আজি পুৱা ভাৰতে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ প্ৰতিশোধ লোৱাৰ অধিকাৰ প্ৰয়োগ কৰিলে।
তেওঁ কয় যে, ভাৰতীয় সেনাবাহিনীৰ ক্ষেপণাস্ত্ৰই পাকিস্তানৰ মুজাফ্ফৰাবাদ, কোটলি, বাহাৱালপুৰ, ৰাৱালাকোট, চাকশ্বৰী, ভীম্বাৰ, নীলম উপত্যকা, ঝেলুম আৰু চাকৱালত থকা সন্ত্ৰাসবাদী সংস্থাপনসমূহক লক্ষ্য কৰি লৈছিল। আৰু আমাৰ হাতত চোৰাংচোৱা তথ্য আছে যে এই অঞ্চলসমূহ দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদী সংগঠনৰ আশ্ৰয়স্থল হৈ আহিছে।