গুজৰাটৰ উপকূলৰ পৰা ৫৬ গৰাকী ভাৰতীয় মাছমৰীয়াক অপহৰণ পাকিস্তানৰ : দুদিন ধৰি চাঞ্চল্য অব্যাহত

index

গুজৰাট উপকূলৰ আন্তৰাষ্ট্ৰীয় জলসীমা অতিক্ৰমি ভাৰতত প্ৰৱেশ কৰি পাকিস্তানৰ মেৰিন ছিকিউৰিটি এজেন্সিৰ সদস্যই ৫৬ গৰাকী ভাৰতীয় মাছমৰীয়াক অপৰহণ কৰিছে।

এই ঘটনাটোকলৈ যোৱা দুদিন ধৰি গুজৰাটৰ উপকূলীয় অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি গুজৰাটৰ পোৰবন্দৰ উপকূলীয় অঞ্চলৰ আন্তৰ্জাতিক জলসীমাৰ ভাৰতৰ দিশত ট্ৰলাৰ লৈ ভাৰতীয় মাছমৰীয়াসকলে মাছ মাৰি আছিল।

তেনে সময়তে হঠাতে পাকিস্তানৰ মেৰিন ছিকিউৰিটি এজেন্সিৰ সদস্যই আহি ৫৭ গৰাকী ভাৰতীয় মাছমৰীয়াক ১০ খন ট্ৰলাৰসহ অপহৰণ কৰি নিয়ে।

ঘটনাৰ লগে লগে অন্য মাছমৰীয়াসকলে সমুদ্ৰৰ উপকূলীয় প্ৰশাসন আৰু আৰক্ষীক এই অপহৰণ কাণ্ডৰ খবৰ দিয়ে।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে পোৰবন্দৰ মৎস্যজীৱী সমিতিৰ সভাপতি জীৱনভাই জুঙ্গীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ ভাৰত চৰকাৰক অপহৃত মাছমৰীয়াসকলক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে।

সভাপতি জুঙ্গিৰ মতে অপহৃত মাছমৰীয়া কেইজনক পাকিস্তানৰ বন্দৰ চহৰ কৰাছীলৈ লৈ যোৱা হৈছে।

ভাৰতীয় জলসীমাৰ ভিতৰত প্ৰৱেশ কৰি পাকিস্তানী মেৰিন ছিকিউৰিটিৰ এজেন্সিৰ সদস্যই ভাৰতীয় মাছমৰীয়াসকলক বলপূৰ্বকভাৱে ধৰি নি কৰাছীৰ জেইলত আৱদ্ধ কৰাৰ বুলিও জনাইছে সভাপতি জঙ্গীয়ে।

জেইলৰ ভিতৰত ভাৰতীয় মাছমৰীয়াসকলক অমানুষিক অত্যাচাৰ চলোৱাৰ খবৰ লাভ কৰা বুলিও জনাইছে সভাপতি জঙ্গীয়ে।

ঘটনাটোৱে পোৰবন্দৰ মৎস্যজীৱীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে বুলি কৈ তেওঁ কয় যে, “এই মৎস্যজীৱীসকলক পাকিস্তানে যাতে অতি শীঘ্ৰেই মুকলি কৰি দিয়ে তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছো।”

ইফালে পোৰন্দৰৰ ‘নেশ্যনেল ফীছ ৱকাৰ্ছ ফ’ৰাম’(NFF)ৰ বিষয়াই জনাইছে যে “পোৰবন্দৰ আৰু ভেৰাবল অঞ্চলত মাছ মাৰিবলৈ যোৱা মাছমৰীয়াক আন্তৰ্জাতিক জলসীমাৰ সমীপৰ পৰা পাকিস্তানী উপকূলৰক্ষী বাহিনীয়ে আটক কৰিছে। ইতিমধ্যে বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰোৱা হৈছে।”