ভাৰতত ক’ৰ’না সংক্ৰমণৰ অভিসন্ধি ৰচিব পাৰে পাকিস্তানে : বিজেপি সাংসদ

0535b7dada0ab89ca14da38fbcf31893

সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছবিধ পাকিস্তানে ভাৰতত অধিক হাৰত সংক্ৰমণ কৰাৰ পৰিকল্পনা ৰচিব পাৰে বুলি এক আপত্তিজনক মন্তব্য কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ কুশীনগৰৰ সাংসদ বিজয় ডুবেই।

এই সন্দৰ্ভত সাংসদগৰাকীয়ে কয়, ‍‘নেপালৰ সীমা কুশীনগৰ জিলাৰ সৈতে সংলগ্ন। হৰিহৰপুৰ, নাৰায়ণপুৰ আদি গাঁৱেৰে কুশীনগৰলৈ খোজকাঢ়ি আহিব পাৰি। নেপালৰ দুখন গাঁও ক্ৰমে চুষ্টা আৰু পৰছাৰ জংঘলো ইয়াৰ সৈতে সংলগ্ন। পৰছাৰ মুখীয়া মৌলবীৰ জৰিয়তে একাংশ লোকে আমাৰ ইয়াত ক’ৰ’নাৰ সংক্ৰমণ ঘটাব পাৰে।’।

তেওঁ লগতে, ‍‘এই খবৰ চোৰাংচোৱাৰ পৰা লাভ কৰিছো, সেয়ে মই জিলাৰ সকলো বিষয়াকে সতৰ্ক হৈ থাকিবলৈ কৈছো’।

‍‘মুখীয়াৰ নিৰীক্ষণত যি ৪০ গৰাকী লোকক কোৱাৰেণ্টাইন কৰা হৈছে সেই লোকসকল নেপালৰ নহয়। এই বাহিৰা লোকসকলৰ জৰিয়তে পাকিস্তানে আমাৰ ইয়াত ক’ৰ’না সংক্ৰমণৰ অভিসন্ধি ৰচনা কৰিব পাৰে’।

সাংসদগৰাকীৰ এনে আশংকাৰ মাজতে কুশীনগৰৰ আৰক্ষী অধীক্ষক বিনোদ কুমাৰ মিশ্ৰই কয়, ‍‘জিলাৰ সীমান্ত সমূহ ছীল কৰি দিয়া হৈছে। নাৱৰ সহায়ত প্ৰৱেশ কৰিব পাৰে কিন্তু পুৰা নিৰীক্ষণত আছে। খোজকাঢ়ি অহা লোকসকলো তন্ন তন্নকৈ তালাচী লৈ থকা হৈছে’।