যুদ্ধ অনিবাৰ্য! উত্তেজনা বৃদ্ধি কৰি এইবাৰ ইৰাণত প্ৰত্যাক্ৰমণ চলালে পাকিস্তানে

ফটোঃ সংগ্ৰহীত।

উত্তেজনা বৃদ্ধি কৰি এইবাৰ পাকিস্তানে ইৰাণক প্ৰত্য়াক্ৰমণ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে পুৱা ইৰাণৰ দক্ষিণ-পশ্চিম প্ৰদেশ চিস্তান-বেলুচিস্তান প্ৰদেশৰ ছাৰাভান চহৰত এই আক্ৰমণ চলোৱা হয়।

পাকিস্তানৰ এই আক্ৰমণত ৭ জন লোক নিহত হয়। ইয়াৰে চাৰিজন শিশু আৰু তিনিগৰাকী মহিলা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিহতসকলৰ কোনো এজনেই ইৰাণৰ নাগৰিক নহয়।

বাতৰি অনুসৰি, পাকিস্তানে ইৰাণৰ ভিতৰত ৭টা স্থানক লক্ষ্য কৰি লৈছে। এই তথ্য সংবাদ মাধ্যমক জনাইছে পাকিস্তানৰ এজন নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ ফলত চুবুৰীয়া দুই ৰাষ্ট্ৰৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পালে।

লগতে পঢ়কঃ আৰু কি বাকী থাকিব? ৰেচনতো মোডীৰ ফটো থকা বেগ দিব কেন্দ্ৰই! খৰচ হ’ব ৩০০ কোটি টকা

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম “ইৰ্না”ই ছিস্তান-বেলুচিস্তান প্ৰদেশৰ ডেপুটি গৱৰ্ণৰ আলিৰেজা মাৰহামটিৰ উদ্ধৃতি দি কয় যে বৃহস্পতিবাৰে পুৱা ছাৰাভান চহৰৰ সমীপত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায়। এই সন্দৰ্ভত নিৰাপত্তাৰক্ষী বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে মঙলবাৰে ইৰানে পাকিস্তানৰ ভিতৰত বেলুচিস্তানত থকা জইছ আল আদাল উগ্ৰপন্থী সংগঠনৰ মুখ্য কাৰ্যালয়ত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। ৩টা শিশু নিহত হোৱাৰ লগতে ৩ গৰাকী ছোৱালী আহত হয়। পাকিস্তানে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পাকিস্তান কৰ্তৃপক্ষইও ভয়াৱহ পৰিণতিৰ সতৰ্কবাণী দিয়ে। এই সতৰ্কবাণীৰ পিছদিনাই দেশখনে এই আক্ৰমণ আৰম্ভ কৰে।

লগতে পঢ়কঃ ‘বিশ্বৰ আটাইতকৈ বয়স্ক কুকুৰ’ খিতাপৰ পুনৰীক্ষণ কৰিছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে; কিন্তু কিয়?

পাকিস্তান আৰু ইৰাণ দুয়োখন দেশে তেওঁলোকৰ ৯০০ কিলোমিটাৰ জোৰা সীমান্তত অশান্ত বেলুচ অঞ্চলত উগ্ৰপন্থীৰ সৈতে যুঁজি আছে। কিন্তু শেহতীয়া এই কাণ্ডই দুয়োখন চুবুৰীয়া দেশৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে, যিটো ইজৰাইলৰ চলি থকা গাজা যুদ্ধক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আঞ্চলিক শত্ৰুতাৰ ছবি হিচাপে দেখা গৈছে।