জয় শ্বাহৰ মন্তব্যক লৈ ক্ষোভ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ: বিশ্বকাপ বৰ্জনৰ ভাবুকি

Pakistan Threatens World Cup Pullout

বিচিচিআইৰ সচিব জয় শ্বাহে আগন্তুক বৰ্ষৰ এছিয়া কাপ সন্দৰ্ভত কৰা মন্তব্যই ক্ষোভিত কৰি তুলিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক। শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে এইবাৰ বিশ্বকাপ বৰ্জনৰ ভাবুকি দিছে পাকিস্তানে।

পিচিবিৰ এক সূত্ৰ অনুসৰি জয় শ্বাহে এছিয়া কাপ পাকিস্তানৰ পৰিৱৰ্তে আন কোনো নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰা হ’ব পাৰে বুলি মন্তব্য কৰাৰ পিছতে পিচিবিয়ে ভাৰতত অনুষ্ঠিত হোৱা ৫০ অভাৰৰ আইচিচি বিশ্বকাপত ভাগ নোলোৱাৰ কথা চিন্তা কৰিছে।

পাকিস্তানে যদি এই শীৰ্ষ টুৰ্ণামেণ্ট সমূহত ভাৰতৰ সৈতে প্ৰতিদ্বন্দিতা নকৰে, তেতিয়া আইচিচি আৰু এচিচি যথেষ্টে লোকচানৰ সন্মুখীন হ’ব লাগিব বুলি পিচিবি জ্ঞাত আৰু সেয়ে পিচিবিয়ে বিশ্বকাপ বৰ্জন কৰিব পাৰে বুলি সূত্ৰটোৱে উল্লেখ কৰিছে।

তদুপৰি পিচিবিৰ এই বিষয়াগৰাকীৰ ভাষ্য অনুসৰি এছিয়া কাপ আয়োজনৰ স্বত্ব এচিচিৰ কাৰ্যবাহী পৰিষদে প্ৰদান কৰিছে আৰু ইয়াত অধ্যক্ষৰ কোনো ভূমিকা নাই।

এনে অৱস্থাত এচিচিৰ অধ্যক্ষ জয় শ্বাহে কি ক্ষমতাৰ আধাৰত এছিয়া কাপ পাকিস্তানৰ পৰা ইউ.এ.ই.- লৈ স্থানান্তৰ কৰিব বিচাৰি বিবৃতি দিছে সেই লৈও প্ৰশ্ন উত্থাপন কৰিছে।

অৱশ্যে জয় শ্বাহৰ মন্তব্য সন্দৰ্ভত এতিয়ালৈকে পিচিবিয়ে আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। পিচিবিৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে পিচিবিৰ অধ্যক্ষ ৰামিজ ৰাজাই এই বিষয়ত এচিচিলৈ এক পত্ৰ প্ৰেৰণ কৰিব।

এই পত্ৰ যোগে পিচিবি- এ জয় শ্বাহৰ বিবৃতিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে অহা মাহত মেলবৰ্ণত এচিচি বোৰ্ডৰ এখন জৰুৰী বৈঠক দাবী কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে আগন্তুক বৰ্ষত এছিয়া কাপ প্ৰতিযোগিতা পাকিস্তানত অনুষ্ঠিত হ’ব। এছিয়া কাপত অংশগ্ৰহণৰ বাবে বিচিচিআই- এ ভাৰতীয় দল পাকিস্তানলৈ প্ৰেৰণ কৰিব বুলি চৰ্চা চলিছিল যদিও বিচিচিআইৰ সচিব জয় শ্বাহে এই সম্ভাৱনা নাকচ কৰিছিল।

তদুপৰি এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰি থকা শ্বাহে ২০২৩ চনৰ এছিয়া কাপ পাকিস্তানৰ পৰিৱৰ্তে আন কোনো নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ বিষয়ে বিবেচনা কৰা হ’ব বুলি মন্তব্য কৰিছিল।