NORTHEAST NOW (Assamese)

লাহোৰৰ শতিকা প্ৰাচীন গুৰুদ্বাৰ মছজিদলৈ ৰূপান্তৰ কৰিব পাকিস্তানে

July 28, 2020 9:54 pm · এন ই নাও নিউজ
ছবি সৌজন্য-- এনডি টিভি

পাকিস্তানত বাস কৰা শিখকে ধৰি আন সংখ্যালঘু সম্প্ৰদায়ৰ লোকে সকলে মুক্ত ভাৱে তেওঁলোকৰ ধৰ্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উঠি থকাৰ সময়তে পাকিস্তানৰ চৰকাৰে দেশ খনৰ লাহোৰত থকা এটা শতিকা প্ৰাচীন গুৰুদ্বাৰ মছজিদলৈ ৰুপান্তৰিত কৰিবলৈ লোৱা সিদ্ধান্তই দেশখনত বাস কৰা শিখধৰ্মী লোক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ কৰাৰ লগতে ভাৰতত বাস কৰা শিখ লোক সকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে।

পাকিস্তানৰ লাহোৰত থকা ভাই তাৰু সিং গুৰুদ্বাৰ আস্থানাক পাক চৰকাৰে মছজিদলৈ ৰুপান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা বুলি ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি পাক চৰকাৰে ভাই তাৰু সিং গুৰুদ্বাৰটো পূৰ্বতে মছজিদ আছিল বুলি দাবী কৰি আহিছে।

গুৰুদ্বাৰটো দৰাচলতে শিখ ধৰ্ম গুৰু ভাই তাৰু সিঙৰ সমাধিক্ষেত্ৰ বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে লাহোৰত ১৭৪৫ চনতে ভাই তাৰু সিং গুৰুদ্বাৰটো প্ৰতিষ্ঠা কৰা হৈছিল।

শিখ ধৰ্ম গুৰু ভাই তাৰু সিঙে প্ৰাণ ত্যাগ কৰা স্থানতে গুৰুদ্বাৰটো সজা হৈছিল বুলি ঐতিহাসিক তথ্য থকাৰ কথা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে ভাৰতে এই বিষয়ত পাকিস্তানৰ চৰকাৰৰ ওচৰত আপত্তি দৰ্শাইছে। ভাৰতে পাকিস্তানক সিদ্ধান্ত পৰিহাৰ কৰাৰ বাবেও দাবী জনোৱা বুলি তেওঁ কয়।

Related News