প্ৰেমৰ টান! কলকাতাৰ প্ৰেমিকৰ সৈতে বিয়াত বহিবলৈ সীমান্ত পাৰ হৈ ভাৰতত পাকিস্তানী প্ৰেমিকা

Pakistan Woman Arrives In India

প্ৰেমৰ সম্পৰ্কক সম্পূৰ্ণতা প্ৰদান কৰি বিবাহপাশত বান্ধ খোৱাৰ উদ্দেশ্যে সীমান্ত পাৰ হৈ ভাৰতৰ মাটিত উপস্থিত হৈছে এগৰাকী পাকিস্তানী যুৱতী। ৱাগাহ-আট্টাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে পাৰ হৈ ভাৰতত উপস্থিত হৈছে যুৱতীগৰাকী।

অহা বৰ্ষৰ জানুৱাৰী মাহত কলকাতাৰ বাসিন্দা প্ৰেমিকৰ সৈতে বিয়াত বহিব যুৱতীগৰাকী। যুৱতীগৰাকীৰ নাম জাভেৰিয়া খানুম, ঘৰ পাকিস্তানৰ কৰাচীত।

খানুমে অমৃতসৰ জিলাৰ আট্টাৰী সীমান্তৰে ভাৰতত উপস্থিত হয়। হ’বলগীয়া স্বামী সমীৰ খান আৰু তেওঁৰ পৰিয়ালৰ কিছু সদস্যই ঢোল আদি বাদ্যৰ তালেৰে আদৰণি জনায় যুৱতীগৰাকীক।

উল্লেখ্য যে, ইতিপূৰ্বে দুবাৰকৈ ভিছা প্ৰত্যাখ্যান হৈছিল খানুমৰ। ইয়াৰ পিছত ক’ভিডৰ বাবে যোৱা প্ৰায় পাঁচ বছৰ ধৰি তেওঁলোকৰ পৰিকল্পনা স্থগিত কৰি ৰাখিছে।

এইবাৰ খানুমে ৪৫ দিনৰ ভিছা লাভ কৰিছে। আট্টাৰীত সাংবাদিকৰ সৈতে চমু বাৰ্তালাপত দম্পতীহালে অহা বছৰৰ জানুৱাৰী মাহত এই বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।

ভাৰতত উপস্থিত হৈ অতি সুখী বুলি ব্যক্ত কৰিছে খানুমে। সীমান্ত পাৰ হোৱাৰ পিছতে লাভ কৰা মৰম-আদৰত অত্যন্ত আনন্দিত হৈ পৰিছে পাকিস্তানী যুৱতীগৰাকী।

দুবাৰকৈ ভিছাৰ বাবে চেষ্টা কৰি ব্যৰ্থ হৈ এইবাৰ ভিছা লাভ কৰি ভাৰত ভ্ৰমণ কৰিবলৈ সক্ষম হোৱাত সুখ প্ৰকাশ কৰি খানুমে কয়, ‘এয়া এটা সুখৰ অন্ত আৰু আন এক সুখৰ আৰম্ভণি।’

দুয়ো প্ৰেমাস্পদৰ মাজত কেনেদৰে প্ৰথমে যোগাযোগ হৈছিল সেই বিষয়ে ব্যক্ত কৰি সমীৰ খান কয় যে মাকৰ ফোনত খানুমৰ ফটো দেখাৰ পিছত তেওঁ খানুমক বিয়া কৰাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

২০১৮ চনৰ মে’ মাহৰ পৰা আৰম্ভ হৈছিল এই সম্পৰ্ক। সেইসময়ত জাৰ্মানীত অধ্যয়ন কৰি থকা সমীৰে ঘৰলৈ আহোঁতে মাকৰ ফোনত খানুমৰ ফটো দেখি আগ্ৰহ প্ৰকাশ কৰিছিল।

অহা বছৰৰ জানুৱাৰী মাহত হ’বলগীয়া দুয়োৰে বিবাহ অনুষ্ঠানত জাৰ্মানীত থকা সময়ত বন্ধুত্ব গঢ়া আফ্ৰিকা, স্পেইন, আমেৰিকা আৰু অন্যান্য দেশৰ বন্ধুবৰ্গ উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে কয়।

আট্টাৰীত সাংবাদিকৰ সৈতে চমু বাৰ্তালাপৰ পিছতে দুয়ো পৰিয়ালসহ অমৃতসৰৰ পৰা কলকাতালৈ ৰাওনা হয়।