Pakistan Election: ৫বাৰকৈ বিয়া, অভিনয় এৰি এইবাৰ নিৰ্বাচনী যুঁজত নামিছে পাকিস্তানৰ জনপ্ৰিয় অভিনেত্ৰী

নূৰ বুখাৰী। ফটোঃ সংগ্ৰহীত।

নতুন বছৰত পাকিস্তানত সাধাৰণ নিৰ্বাচন। অহা ৮ ফেব্ৰুৱাৰীত চুবুৰীয়া দেশখনত নিৰ্বাচন অনুষ্ঠিত হ’ব। পাকিস্তানৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জনপ্ৰিয় অভিনেত্ৰী নূৰ বুখাৰীয়ে। ডাঙৰ পৰ্দাৰ চিনাকি মুখ নূৰ। এতিয়া তেওঁ পুৰাপুৰি ৰাজনীতিত খোজ দিবলৈ ওলাইছে। ইষ্টেহকাম-ই-পাকিস্তান পাৰ্টিত যোগদান কৰাৰ পিছত তেওঁ সাধাৰণ নিৰ্বাচনতো মনোনয়ন দাখিল কৰিছে।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত শাসন দখল কৰিবলৈ সকলো ৰাজনৈতিক দলে নিজৰ কৌশলৰ পৰিকল্পনা কৰিছে। সকলো ৰাজনৈতিক দলেই এতিয়া হাই ভল্টেজ প্ৰতিযোগিতাৰ প্ৰস্তুতিত ব্যস্ত। বহু আগতেই চলচ্চিত্ৰ জগতখনৰ লগত জড়িত হৈ পৰিছিল নূৰ। এতিয়া তেওঁৰ ৰাজনীতিৰ লগত জড়িত হোৱাৰ সময়।

নূৰ পেছাত এগৰাকী পাকিস্তানী অভিনেত্ৰী, পৰিচালক, মডেল আৰু টেলিভিছন উপস্থাপক। নূৰে ২২ বছৰত ৪৪খন উৰ্দু আৰু ২০খন পাঞ্জাবী ছবিত কাম কৰিছে। চলচ্চিত্ৰ জগতত নূৰ অতি জনপ্ৰিয়। কেইবাখনো ছবিত অভিনয় কৰি তেওঁ দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এখন বিখ্যাত ছবি হৈছে ‘মুঝে চান্দ চাহিয়ে’।

লগতে পঢ়কঃ `তুমি এবাৰ পাকিস্তানলৈ যোৱা উচিত’, অনুৰাগীক কিয় পাকিস্তানলৈ যাবলৈ পৰামৰ্শ দিলে ধোনীয়ে? ভাইৰেল ভিডিঅ’

ছবিত অভিনয় কৰাৰ উপৰিও নূৰে নাটকৰ জগতখনতো শক্তিশালী অভিনয় কৰা দেখা গৈছে। ফেশ্বন শ্ব’তো তেওঁক দেখা গৈছে। ২০০০ চনত অভিনয়ৰ জগতখনত তেওঁ প্ৰথম খোজ দিছিল। ২০১৭ চনত তেওঁ অভিনয়ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। পিছত তেওঁ ধৰ্মান্তৰকৰণৰ বিষয়ে তথ্য শ্বেয়াৰ কৰিবলৈ ইউটিউব চেনেল এটাও খুলিলে।

২০২২ চনৰ ৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল নূৰৰ ৰাজনৈতিক যাত্ৰা। স্বামী আওৱন চৌধুৰীৰ ইষ্টেহকাম-ই-পাকিস্তান পাৰ্টি (আই পি পি)ত যোগদান কৰে। মহিলাৰ বাবে সংৰক্ষিত আসনৰ বাবে নূৰক প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে আই পি পিয়ে। নূৰে পঞ্জাৱৰ প্ৰাদেশিক নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে।

নুৰৰ ব্যক্তিগত জীৱনৰ লগতে পেছাদাৰী জীৱনতো এতিয়ালৈকে বহু চৰ্চা আছে। এই পৰ্যন্ত তেওঁ পাঁচবাৰ বিয়া পাতিছে। ২০০৮ চনত হয় প্ৰথম বিবাহ। শেষৰটো বিবাহ আছিল ২০২০ চনত। ২০২০ চনত আওৱন চৌধুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০১২ চনত আওৱনে পূৰ্বৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল।

লগতে পঢ়কঃ ৰোমাঞ্চ শেষ, ইমান বছৰৰ সম্পৰ্কৰ পিছত বিয়া কৰাবলৈ অস্বীকাৰ অৰ্জুনৰ! কি হ’ব মালাইকাৰ?

উল্লেখ্য যে অৱশেষত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনুমতি পাইছে। পাকিস্তানৰ নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন গ্ৰহণ কৰিছে। অৱশ্যে নৱাজ শ্বৰীফৰ নিৰ্বাচনী ক্লিয়াৰেন্সক লৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিদ্বন্দ্বী ইমৰান খানৰ দল পিটিআইয়ে।

এইবাৰ যদি নৱাজ শ্বৰীফ জয়ী হয় তেন্তে তেওঁ চতুৰ্থবাৰৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ব। পানামা দুৰ্নীতিৰ গোচৰত নৱাজ শ্বৰীফৰ নাম জড়িত আছিল। তেওঁৰ বিৰুদ্ধে অবৈধ সম্পত্তি থকাৰ অভিযোগ উত্থাপন হৈছিল।