NORTHEAST NOW (Assamese)

পাকিস্তানৰ বিমান আক্ৰমণত আফগানিস্তানত ৯টি শিশুকে ধৰি ১০ জন নিহত; দাবী তালিবান প্ৰশাসনৰ

November 25, 2025 10:17 am · এন ই নাও নিউজ, গুৱাহাটী

আফগানিস্তানৰ দক্ষিণ-পূব খোষ্ট প্ৰদেশত পাকিস্তানী বাহিনীয়ে এটা ঘৰত বোমা বিস্ফোৰণ কৰি কমেও ৯টি শিশু আৰু এগৰাকী মহিলা নিহত কৰে বুলি তালিবান প্ৰশাসনে জানিবলৈ দিয়ে।

বিস্ফোৰণত নিহত শিশুসকলৰ ভিতৰত পাঁচটা ল’ৰা আৰু চাৰিজনী ছোৱালী।

মঙলবাৰে তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে খোষ্ট প্ৰদেশৰ গুৰবুজ জিলাত মাজনিশা এই আক্ৰমণ সংঘটিত হয়।

তেওঁ এক্সত এটা পোষ্টত লিখিছে যে পাকিস্তানে স্থানীয় বাসিন্দা কাজী মিৰৰ পুত্ৰ ৱালিয়াত খানৰ ঘৰত বোমা বৰ্ষণ কৰিছিল। তেওঁৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ৯ টি শিশু আৰু এগৰাকী মহিলাৰ মৃত্যু হয়।

মুজাহিদে লগতে কয় যে খোষ্টৰ উপৰিও উত্তৰ-পূব কুনাৰ আৰু পূব পাক্তিকা প্ৰদেশত পাকিস্তানৰ অন্যান্য বিমান আক্ৰমণত কমেও চাৰিজন সাধাৰণ নাগৰিক আহত হৈছে।

Related News