NORTHEAST NOW (Assamese)

গুজৰাট উপকূলত জব্দ পাকিস্তানী নাও: উদ্ধাৰ ২০০ কোটি টকা মূল্যৰ ড্ৰাগছ

September 14, 2022 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰমে দেশৰ ড্ৰাগছ সৰবৰাহ কেন্দ্ৰত পৰিণত হৈছে গুজৰাট। ৰাজ্যখনত যোৱা কিছুদিনত ধাৰাবাহিকভাৱে ধৰা পৰিছে কেইবাটাও ড্ৰাগছ সৰবৰাহ চক্ৰ, জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। আজি পুনৰ ৰাজ্যখনৰ এক উপকূলৱৰ্তী এলেকাত এখন পাকিস্তানী নাৱৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু গুজৰাট সন্ত্ৰাসবাদী বিৰোধী দলে আজি এক যুটীয়া অভিযান চলাই ভাৰতীয় জলসীমাৰ ভিতৰত এখন পাকিস্তানী নাও জব্দ কৰে।

নাওখন পৰীক্ষা কৰাৰ পিছতে অভিযানকাৰী দলটোৱে নাওখনৰ পৰা ৪০ কিলোগ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে। এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় বজাৰত প্ৰায় ২০০ কোটি টকা বুলি অনুমান কৰা হৈছে।

উপকূলৰক্ষী বাহিনীৰ দুখন দ্ৰুত অভিযানকাৰী নাৱে গুজৰাটৰ জাখৌ উপকূলৰ পৰা ৩৩ নটিকেল মাইল দূৰত পাকিস্তানী নাও আল তৈয়াচাক ধৰা পেলায়।

নাওখন জব্দ কৰাৰ পাছতে অনুসন্ধানৰ বাবে নাওখনৰ সৈতে নাৱত থকা ছয়গৰাকী ক্ৰু সদস্যক জাখৌলৈ লৈ অনা হৈছে।

উল্লেখ্য যে বিগত সময়চোৱাত গুজৰাটত কেইবাবাৰো বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। যোৱা বৰ্ষৰ অক্টোবৰ মাহত ৰাজ্যখনত থকা দেশৰ ধনৱন্ত পুঁজিপতি আদানিৰ মুন্দ্ৰা বন্দৰৰ পৰা ২,৯৮৮ কিলোগ্ৰাম হেৰোইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হৈছিল।

এএইহেৰোইনখিনিৰ মূল্য প্ৰায় ২১,০০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছিল। গুজৰাট উপকূলৰ ওচৰত এয়াই আছিল আটাইতকৈ ডাঙৰ ড্ৰাগছ উদ্ধাৰৰ ঘটনা। ইয়াৰ পিছতো মুন্দ্ৰাত কেইবাবাৰো ড্ৰাগছ ধৰা পৰিছে।

কিছুদিন পূৰ্বে মুম্বাই এণ্টি নাৰ্কোটিক্স চেলৰ ৱৰ্লি গোটেও গুজৰাটৰ ভাৰুচ জিলাৰ অংকলেশ্বৰ অঞ্চলত এটা ঔষধ নিৰ্মাণ কাৰখানাৰ পৰা জব্দ কৰিছিল ৫১৩ কিলোগ্ৰাম মেফেড্ৰোন।

জব্দ কৰা এই ড্ৰাগছখিনি মুঠ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১,০২৬ কোটি টকা হ’ব বুলি কোৱা হৈছিল।

Related News